ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল মিজোৰাম, শনিবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ৰে'ল প্ৰকল্প

মিজোৰামবাসীৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। কিয়নো দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল উত্তৰ পূব ভাৰতৰ মিজোৰামৰ ৰাজধানী আইজল।

author-image
Asomiya Pratidin
New Update
sdderfdere

ডিজিটেল ডেস্কঃ বহু দশক ধৰি উত্তৰ-পূবক সীমান্ত হিচাপে গণ্য কৰা হৈছিল। উন্নয়নৰ বাবে অধিক অপেক্ষা কৰিবলগীয়া হৈছিল উত্তৰ-পূববাসীয়ে। পিছে এতিয়া এই সকলোবোৰ সলনি কৰিলে প্ৰধানমন্ত্ৰী (PM) নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট নীতিয়ে। উত্তৰ-পূবক ফ্ৰন্ট ৰানাৰ হিচাপে স্বীকৃতি দিলে মোদী চৰকাৰে।

মিজোৰামবাসীৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। কিয়নো দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল উত্তৰ পূব ভাৰতৰ মিজোৰামৰ ৰাজধানী আইজল। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৈৰৱী-চাইৰাং ৰে'ল প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। ৮,০০০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মিত এই ৫১ কিলোমিটাৰ প্ৰকল্পই প্ৰথমবাৰৰ বাবে আইজলক ৰাষ্ট্ৰীয় ৰেলৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ছাইৰাঙৰ পৰা দিল্লী (ৰাজধানী এক্সপ্ৰেছ), কলকাতা (মিজোৰাম এক্সপ্ৰেছ) আৰু গুৱাহাটী (আইজল ইন্টাৰচিটি)লৈ তিনিখন নতুন ৰেল সেৱাও ফ্লেগ অফ কৰিব।

এই ৰেলপথটো কঠিন ভূখণ্ডৰ মাজেৰে পাৰ হৈ যায়। ৰে’ল অভিযন্তাসকলে মিজোৰামক সংযোগ কৰিবলৈ ১৪৩খন দলং আৰু ৪৫টা সুৰংগ নিৰ্মাণ কৰিছে। ইয়াৰে এখন দলং কুতুব মিনাৰতকৈ ওখ। আচলতে এই ভূখণ্ডত আন সকলো হিমালয় লাইনৰ দৰে ৰেলপথটোও কাৰ্যতঃ দলং হিচাপে নিৰ্মাণ কৰা হয়। ভৈৰৱী-চাইৰাং নতুন ৰে'লপথৰ উদ্বোধনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই।

মিজোৰাম