দুটা পৃথক অভিযানত মিজোৰামত ৬২ কোটিৰ নিচাজাতীয় সামগ্ৰী জব্দ

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে হাইলাকান্দিৰ আতাবুৰ ৰহমান মজুমদাৰ আৰু আব্দুৰ ৰহমান চৌধুৰী নামৰ দুই ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰঃ পুনৰ মিজোৰামত কোটি কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে মিজোৰামৰ চি আই ডি য়ে ।‌ আইজলৰ জেমাবাৱক প্ৰেয়াৰ গ্ৰাউণ্ডৰ সমীপৰ বেৰাৱলুইত এখন বাৰচকীয়া ট্ৰাকত তালাচী চলাই চি আই ডি ৰ দল এটাই জব্দ কৰে ৪৯.২৪৪ কেজি মেথামফেটামাইন তথা য়াবা টেবলেট । জব্দ কৰা টেবলেট খিনিৰ মূল্য প্ৰায় ৩৯.৩৯ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। 

উল্লেখ্য যে এই নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে হাইলাকান্দিৰ আতাবুৰ ৰহমান মজুমদাৰ আৰু আব্দুৰ ৰহমান চৌধুৰী নামৰ দুই ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।

আনহাতে, আন এক অভিযানত‌ ছাইটুল আৰক্ষীয়ে AS01EZ-5797 নম্বৰৰ এখন বাহনত তালাচী চলাই হেৰ'ইন ভৰ্তি ৮৯ টা চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা ১.১২ কেজি হেৰ'ইন জব্দ কৰাৰ লগতে  হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ২২ কোটি ৫ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ড্ৰাগছৰ সৈতে বাহন খনৰ চালক জাম্মিন লাল তৌথাং ক গ্ৰেপ্তাৰ কৰে। হেৰ'ইন খিনি মণিপুৰৰ পৰা আইজললৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীটোৱে।  দুয়ো স্থানত জব্দ কৰা নিচাজাতীয় সামগ্ৰী খিনিৰ মূল্য প্ৰায় ৬২ কোটি টকা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

মিজোৰাম