মিজোৰামৰ পিছত উত্তপ্ত মৰিয়নিৰ সীমান্ত, নগাৰ শূণ্যলৈ গুলীবৰ্ষণ…

মিজোৰামৰ পিছত উত্তপ্ত মৰিয়নিৰ সীমান্ত, নগাৰ শূণ্যলৈ গুলীবৰ্ষণ…

ডিজিটেল সংবাদ মৰিয়নিঃ মিজোৰামৰ পিছত এইবাৰ অসমৰ ভূমিত নগাৰ দপদপনি।নিশা নগাৰ গুলীবৰ্ষনক লৈ উত্তপ্ত মৰিয়নি। মৰিয়নিৰ সীমান্তত গাওঁ পঞ্চায়তৰএনেৰেগা আঁ‌চনিৰ ফলক ভাঙী গুলি ফুটাই সশস্ত্ৰ নগা দুবৃৰ্ত্তৰ মুকলি সন্ত্ৰাস।  মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই এখন পকী দলং(আৰ চি চি) নিৰ্মাণৰ কাম সম্পুৰ্ন কৰাৰ পাছত পুনৰ দলংৰ সমীপত  নগা আৰক্ষীৰ এটা শিবিৰৰ নিৰ্মান কাৰ্য্য পূৰ্ন গতিত অব্যাহত ৰাখিছে।

ইফালে নগা আৰক্ষীৰ শিবিৰ নিৰ্মাণৰ বিষয়ে জানিব পাৰি সোমবাৰে মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা সীমান্ত দণ্ডাধিশ বিশ্বজিৎ বৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস যোৰহাট জিলা বন প্ৰাধিকাৰি বিদ্যুৎ বৰঠাকুৰ মৰিয়নি থানাৰ আৰক্ষী বিষয়া তিলক বৰাৰ লগতে লিগিৰিপুখুৰিস্থ প্ৰথম অসম বেটেলিয়ানৰ মূখ্য কাৰ্য্যালয়ৰ পৰা উইং কামাণ্ডাৰ চক্ৰেশ্বৰ কামানৰ নেতৃত্বত অহা বৃহৎ আৰক্ষীৰ দল সহ দিচৈ ভেলিৰ শিবিৰ নিৰ্মান স্থলিত উপস্থিত হয়।

প্ৰশাসনৰ দলটোৱে শিবিৰ নিৰ্মানৰ বাবে নগাই ব্যৱহাৰ কৰা বহু সামগ্ৰী জব্দ কৰি লৈ আহে।  অসমৰ প্ৰশাসনৰ অভিযানৰ পিছত সোমবাৰে নিশা ১০-১৫ জনীয়া নগা দুবৃত্তৰ দলে হাতে হাতে বন্দুক লৈ নাগাজাংকা চাহ বাগিছাৰ বৰ লাইনত প্রবেশ কৰি শূন্যলৈ গুলি ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰে।একেদৰে মৰিয়নি বনাঞ্চলিক বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত দিচৈভেলী বনাঞ্চলতো নগাই পুনৰ শূন্যলৈ কেইবাজাই গুলীবৰ্ষন কৰে।

সশস্ত্ৰ নগা দুবৃত্তৰ দলটোৱে বাগিছা খনৰ লোকক নগা বস্তিলৈ নাযাবলে সকিয়াই দিয়াৰ উপৰি যোৰহট জিলা প্ৰশাসনক মুকলি প্ৰত্যাহ্বান জনায়।নগা দুবৃত্তৰ দলটো উভতি যাওঁ‌তে পথত থকা অসম চৰকাৰৰ পঞ্চায়তৰ অধীনস্থ এনেৰেগা আচনিৰ এখন ফলকো ভাঙি চুড়মাৰ কৰি অসমৰ মাটিত নিজৰ বিৰত্ব প্ৰদৰ্শন কৰে। ইফালে এই ঘটনাটোৰ পিছতে সীমান্তত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in