মিজোৰামত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

জব্দ‌কৃত টেবলেট খিনিৰ‌ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ১৩.৩৩ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল সংবাদ শিলচৰঃ মিজোৰামত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। ভাৰত-ম্যানমাৰ সীমান্তৰ চাম্পাই জিলাৰ জোখাৱথৰ এলেকাত অসম ৰাইফলছ আৰু নাৰ্কোটিকছ বিভাগে যুটীয়া অভিযান চলাই জব্দ কৰে ৪.৪৪৪ কিঃগ্ৰাঃ মেথামফেটামাইন তথা য়াবা টেবলেট। 

WhatsApp Image 2025-11-27 at 11.39.29 AM

উল্লেখ্য যে ৱৰ্ল্ড বেংক ৰোডত‌ অভিযান চলাই জব্দ কৰে এই য়াবা টেবলেটখিনি।‌ জব্দ‌কৃত টেবলেট খিনিৰ‌ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ১৩.৩৩ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। 

WhatsApp Image 2025-11-27 at 11.39.46 AM

তাৰোপৰি নিচাজাতীয় টেবলেটৰ সৈতে ম্যানমাৰৰ কানথাংগা নামৰ সৰবৰাহকাৰী এটাক আটক কৰে। লগতে  সৰবৰাহকাৰীটোৰ পৰা মটৰ চাইকেল এখনো জব্দ কৰিছে। 

মিজোৰাম