মিজোৰামত বুজণ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী-মাৰণাস্ত্ৰ জব্দ

পশ্চিম আইজলত অভিযান চলাই বিএছ এফ আৰু আবকাৰী আৰু নাৰ্কটিকছ বিভাগে বুজণ পৰিমাণৰ হেৰ'ইন আৰু মেথামফেটামাইন জব্দ কৰে।‌

author-image
Asomiya Pratidin
New Update
9

ডিজিটেল সংবাদ,শিলচৰঃ চুবুৰীয়া ৰাজ্য মিজোৰামত নিচাজাতীয় সামগ্ৰী আৰু অবৈধ মাৰণাস্ত্ৰৰ‌ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে । পশ্চিম আইজলত অভিযান চলাই বিএছ এফ আৰু আবকাৰী আৰু নাৰ্কটিকছ বিভাগে বুজণ পৰিমাণৰ হেৰ'ইন আৰু মেথামফেটামাইন জব্দ কৰে।‌ অভিযানত ৫.৮৯ কেজি মেথামফেটামাইন আৰু ৪১ গ্ৰাম হেৰ'ইন জব্দ কৰে। 

WhatsApp Image 2025-11-23 at 9.50.33 AM

উল্লেখ্য যে এই নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ সৈতে জড়িত দুই ম্যানমাৰৰ নাগৰিকসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।  জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় ৪.৭৯ কোটি টকা। ইপিনে কাংগকোপি জিলাত অভিযান চলাই বিএছএফ আৰু মনিপুৰ আৰক্ষীয়ে যথেষ্ট সংখ্যক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে। জব্দ কৰে  তিনিটা ৰাইফল, এটা পিষ্টল,বুজণ পৰিমাণৰ সক্ৰিয় গুলি আৰু বিষ্ফোৰক।

শিলচৰ