মিজোৰামত জব্দ ২৬ কোটিৰ নিচাজাতীয় সামগ্ৰী

মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন আৰু মেথামফেটামাইন জব্দ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-20 at 9.02.45 PM

ডিজিটেল সংবাদ,শিলচৰঃ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ সৰবৰাহৰ‌ সময়ত‌ মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন আৰু মেথামফেটামাইন জব্দ কৰে। বি এছ এফ আৰু আবকাৰী‌ বিভাগৰ‌ অভিযানত‌ মিজোৰামত ২৬ কোটিৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে। 

উল্লেখ্য যে আইজলস্থিত বি এছ এফ আৰু মিজোৰামৰ আবকাৰী‌ আৰু নিচাযুক্ত দ্ৰব্য বিভাগে আইজল‌ৰ ছেলিং আৰু টুইৰিয়াল‌ৰ‌ মাজত ৬ নম্বৰ ৰাষ্ট্ৰীয় পথত যৌথ অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ এই নিচাজাতীয় সামগ্ৰী খিনি। দুখন স্কুটিত উঠি অহা দুজন সন্দেহজনক লোকক সোধা পোছা কৰাত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত পথৰ কাষৰ জোপোহাত লুকুৱাই‌ থোৱা অৱস্থাত দুটা প্লাষ্টিকৰ বেগ উদ্ধাৰ কৰে।

তাৰোপৰি তালাচীৰ সময়ত এটা বেগত‌ থকা ১৫টা পেকেটৰ‌ পৰা ড্ৰেগন ব্ৰেণ্ডৰ ১৪.৯০৫ কিলোগ্ৰাম ওজনৰ মেথামফেটামাইন আৰু আনটো বেগৰ‌ পৰা হেৰ'ইন ভৰ্তি  ৪৯টা চাবোনৰ কেচ উদ্ধাৰ কৰে।‌চাবোনৰ‌ কেচ কেইটাৰ পৰা মুঠ ৭০৭  গ্ৰাম হেৰ’ইনৰ জব্দ কৰাও পৰিলক্ষিত হয় । 

আনফালে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত ম্যানমাৰৰ নাগৰিক বুলি চিনাক্ত কৰা দুয়োজন লোককে গ্ৰেপ্তাৰ কৰে। জব্দ কৰা এই নিচাজাতীয় সামগ্ৰী খিনিৰ‌ আন্তঃৰাষ্ট্ৰীয় ক'লা বজাৰত মূল্য প্ৰায় ২৬ কোটি ৫ লাখ টকা বুলি অনুমান কৰা হৈছে। জব্দ কৰা নিচাজাতীয় সামগ্ৰী সমূহ আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগে চমজি লয় বুলি সদৰী‌ কৰে ।

মিজোৰাম