শিলচৰৰ এজন যুৱকক পিষ্টলৰে আক্ৰমণঃ গ্ৰেপ্তাৰ মিজোৰামৰ দুই যুৱক

পিষ্টলৰে শিলচৰৰ এজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগত মিজোৰামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱকদ্বয় মিজোৰাম আইজলৰ টুইকোৱালৰ ডেভিড মাৰ আৰু খ্ৰীষ্টোফাৰ ভানলালপেকা। 

author-image
Asomiya Pratidin
New Update
dee

ডিজিটেল সংবাদ, শিলচৰঃ পিষ্টলৰে শিলচৰৰ এজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগত মিজোৰামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱকদ্বয় মিজোৰাম আইজলৰ টুইকোৱালৰ ডেভিড মাৰ আৰু খ্ৰীষ্টোফাৰ ভানলালপেকা। 

ধৃত দুই যুৱকৰ পৰা শিলচৰ আৰক্ষীয়ে এটা অষ্ট্ৰিয়ান মেড গ্লক এয়াৰ গান পিষ্টল, মেগজিনসহ ৬টা সক্ৰিয় গুলি, এটা আইফোন, এটা CO2 গেছ চেল, ১৬ ৰাউণ্ড বুলেট, এটা চাৰ্জাৰ, নগদ ২০ হাজাৰ টকা আৰু নগদ, মুঠ ২ হাজাৰ টকা নগদ ধন, এখন হিৰো এখন মটৰ চাইকেল জব্দ কৰে। 

কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই উল্লেখ কৰা অনুসৰি, শিলচৰ নেছনেল হাওৱে ৰোডৰ বাসিন্দা নিলোৎপল দাস নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত যুৱক দুজনক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে, শুক্রবাৰে নিশা প্ৰায় ১১-৩০ বজাত নিলোৎপল দাস বাইকৰে আশ্ৰম ৰোডেৰে গৈ আছিল। হঠাতে ছানলাইট হাস্পতালৰ ওচৰত দুজন অচিনাকী যুবকে তেওঁৰ বাইক খন ৰখায় আৰু এজনে বন্দুকৰে নিলোৎপলক আক্ৰমণ কৰে। 

বন্দুকৰ আক্ৰমণত নিলোৎপলৰ সোঁ বাহু গুৰুতৰ আহত হয় আৰু পথৰ ওপৰত বাগৰি পৰে। এনে পৰিস্থিতিত তেওঁ সহায়ৰ বাবে চিঞৰ বাখৰ কৰাত অস্ত্ৰধাৰী যুৱক দুজন তাৰ পৰা পলায়ন কৰে। পিচত কোনোমতে তাৰ পৰা ওচৰতে থকা নেছনেল হাইৱে আৰক্ষী চকীত গৈ বিষয়টো আৰক্ষীক অবগত কৰে। আৰক্ষীয়ে ততালিকে তেওঁক চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ লৈ যায়।

এই সংক্ৰান্তত শনিবাৰে নিলোৎপলে নেছনেল হাইৱে আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। দেওবাৰে আৰক্ষীয়ে মুল অভিযুক্ত মিজোৰামৰ দুই যুৱক ডেভিদ আৰু খ্ৰীষ্টোফাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কি উদ্দেশ্য লৈ বহি: ৰাজ্যৰ যুৱক দুজনে আগ্নেয় অস্ত্রসহ শিলচৰ লৈ আহি নিলোৎপলক আক্ৰমণ কৰিলে, ইয়াৰ ৰহস্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

শিলচৰ মেডিকেল কলেজ শিলচৰ