/asomiyapratidin/media/media_files/2025/09/08/web-ap-1-2-2025-09-08-19-12-05.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ আজাৰাৰ সমীপবৰ্তী ধাৰাপুৰৰ বড়িপাৰাত ৪ ছেপ্তেম্বৰৰ নিশা সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা। উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ সুৱাগমণি শইকীয়া (২৪) ব্ৰহ্মপুত্ৰৰ পানীত পিচলি পৰে। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে সুৱাগমণি।
ঘটনাৰ সময়ত তেওঁৰ লগত উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ স্বিতাবজী গাৰ্গ। দুয়ো বন্ধুৱে এখন ছুটি ছবিৰ লোকেশ্বন পৰিদৰ্শন কৰাৰ উদ্দেশ্যে নদীৰ পাৰত আলোচনা কৰি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। সুৱাগমণিক উদ্ধাৰ কৰিবলৈ স্বিতাবজীয়ে আপ্ৰাণ চেষ্টা কৰিছিল যদিও শেষত ব্যৰ্থ হয় আৰু উপায়ন্তৰ হৈ আজাৰা আৰক্ষীক খবৰ দিয়ে।
খবৰ পোৱাৰ পাছতেই আজাৰা আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সমান্তৰালভাৱে SDRF আৰু NDRF ৰ বিশেষ দলে উদ্ধাৰ অভিযান হাতত লৈছে। বিগত তিনি দিন ধৰি ব্ৰহ্মপুত্ৰৰ পানীত সুৱাগমণিৰ সন্ধান চলি থাকিলেও এতিয়ালৈকে ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
আনহাতে, সুৱাগমণিৰ পিতৃ ডঃ কমল শইকীয়াই ফেচবুক কৰিছে এটা হৃদয়স্পৰ্শী পষ্ট। পষ্টোত তেওঁ লিখিছে, হে মহাবাহু ব্ৰহ্মপুত্ৰ ! আমাৰ কাতৰ প্ৰাৰ্থনা, তোমাৰ বিশাল বুকুৰপৰা আমাৰ পুত্ৰক মুক্ত কৰি দিয়া ৷ পাৰৰ শুকান বালিত মূৰ দোঁৱাইছো বৰলুইত, আমাক কৃপা কৰা ৷ আজি পাঁচ ৰাতি চাৰিদিন সি বেলিৰ পোহৰ দেখা নাই ৷ বৰলুইতৰ প্ৰতি তাৰ অসীম আকৰ্ষণ আছিল; ইয়াৰ নিসৰ্গৰ শোভাত জীৱনৰ কিবা অসীম ৰহস্যৰ সন্ধান পাইছিল । অজিৎ বৰুৱাৰ "ব্ৰহ্মপুত্ৰ" সুৱাগমণিৰ অন্যতম প্ৰিয় কবিতা আছিল, তাৰ ছবিত সেইবোৰৰ পুনৰ নিৰ্মাণ কৰিছিল ৷ মোৰ পুত্ৰক ঘূৰাই দিয়া; সি ঘূৰি আহিব বুলি মাক বায়েক অগণন আাত্মীয়ই চেতন-অচেতনত বিনাই আছে ৷ বৰলুইত আমাৰ কাতৰ প্ৰাৰ্থনা শুনিছানে???