/asomiyapratidin/media/media_files/2025/10/25/misssid-2025-10-25-19-09-43.jpg)
ডিজিটেল সংবাদ, ৰহাঃ ৰহা সমষ্টিৰ ঘাঁহী গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ পেটবঢ়া গাঁৱৰ চক্ৰধৰ বৰাৰ পুত্ৰ সঞ্জীৱ বৰাই মধ্যপ্ৰদেশত কাম কৰিবলৈ যোৱা বিশ তাৰিখে চাপৰমুখ ষ্টেচনৰ পৰা ৰেলেৰে ৰাওনা হৈ ২১ তাৰিখে দিনৰ ১১ বজাত বিহাৰৰ দানাপুৰ ষ্টেচনত লঘু আহাৰ গ্ৰহণ কৰিবলৈ নমাৰ সময়তে পত্নী ৰশ্মিতা বৰালৈ ফোন কৰি কোনোবাই তেওঁক অনুসৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰে।
নিশা ন বজালৈকে পত্নীৰ সৈতে ফোনত যোগাযোগত থকা সঞ্জীৱ বৰাই নিশা এঘাৰ বজাত পুনৰ পত্নীলৈ ফোন কৰে যদিও পত্নী শুই পৰাত পুৱা সাৰ পাই ফোন কৰে আৰু সঞ্জীৱ বৰাৰ ফোন চুইটচ অফ পাই আৰু ৰাতিপুৱা অৰ্থাৎ ২২ তাৰিখে পুৱা প্ৰায় ৬ বজাৰ পাছত পত্নীয়ে ফোন কৰাত চুইটচ অফ পাই।
২২ তাৰিখৰ দিনা পিতৃয়ে চাপৰমুখ জংচনৰ আৰক্ষীক এজাহাৰ দিয়ে আৰু ৰেলৱে আৰক্ষীৰ নিৰ্দেশমতে ২৩ তাৰিখে ৰহা আৰক্ষী চকীত এজাহাৰ দিয়ে । সঞ্জীৱ বৰাৰ ফোন নম্বৰ ৭০২৮৩১৪৮৭০। কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ ব্যক্তিজনৰ খবৰ পালে পৰিয়ালৰ ৬০২৬০১৭৫১৫ আৰু ৮৪৫৩৬০৫২৩৭ এই নম্বৰত জনাবলৈ পৰিয়ালে কৰপূতে অনুৰোধ জনাইছে। বাতৰি লিখা পৰলৈকে সঞ্জীৱ বৰাৰ সন্ধান পোৱা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us