/asomiyapratidin/media/media_files/2025/08/14/ujjjss-2025-08-14-10-14-33.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নিজৰ লগতে পৰিয়ালৰ বাবে এমুঠি অন্ন যোগাৰৰ উদ্দেশ্যে বাসগৃহৰ পৰা ওলাই গৈ কদমনি পথাৰৰ শ্বৰিফুল ইছলাম নামৰ যুৱকজন বহিঃৰাজ্যত সন্ধানহীন হয়। বহিঃৰাজ্যত ১৬ দিন ধৰি সন্ধানহীন হৈ আছে শ্বৰিফুল ইছলাম। নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি পথাৰ গাঁৱৰ ছইদল ইছলামৰ পুত্ৰ শ্বৰিফুল ইছলাম কামৰ সন্ধানত কেৰেলালৈ গৈছিল।
পিতৃৰ পৰা জানিব পৰা মতে, ১৬ দিন পূৰ্বে যুৱকজন কেৰেলাৰ পৰা আহি থকা অৱস্থাত পশ্চিম বংগৰ হাওৰা ৰেলৱে ষ্টেচন পোৱাৰ পিছতে, এটি দুষ্ট চক্ৰই নিচাজাতীয় দ্ৰব্য খুৱাই দিয়াৰ পিছৰ পৰাই যুৱকজন সন্ধানহীন হৈ আছে। উল্লেখ্য যে, সেইদিনা হাওৰা ষ্টেচনত যুৱকজন ৰেলৰ পৰা নামি অস্বাভাৱিক আচৰন কৰা দেখি, সেই ঠাইৰ পৰা পৰিয়ালক ফোন যোগে অৱগত কৰিছিল।
পৰিয়ালৰৰ লোকে ইতিমধ্যে বটদ্ৰৱা থানত উক্ত বিষয় সন্দৰ্ভত যোগাযোগ কৰিছে। অতিকে দৰিদ্ৰ পৰিয়ালৰ ২০ বছৰীয়া যুৱকজন এনেদৰে হঠাৎ সন্ধানহীন হোৱাৰ খবৰে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কোনো সদাশয় ব্যক্তিয়ে শ্বৰিফুল ইছলামৰ কিবা সম্ভেদ পালে 6002027391 আৰু 9365060694 নম্বৰত অথবা বটদ্ৰৱা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহব্বান জনাইছে।