/asomiyapratidin/media/media_files/2025/11/02/ujjjdd-2025-11-02-12-34-17.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ বহিঃৰাজ্যলৈ কৰ্মসূত্ৰে যোৱাৰ পথত সন্ধানহীন পশ্চিম কাৰ্বি আংলঙৰ এজন লোক। যোৱা ২৪ অক্টোবৰত পশ্চিম কাৰ্বি আংলঙৰ আমতেৰেং ৰকলাংছ' স্থিত নিজ ঘৰৰ পৰা কাংবুৰা তিছ' নামৰ লোকজনে আন কেইবাজনো যুৱকৰ সৈতে কৰ্মৰ সন্ধানত ট্ৰেইন যোগে যাত্ৰা কৰিছিল বহিঃৰাজ্যৰ ছিকণ্ডৰাবাদলৈ।
যোৱা ২৭ অক্টোবৰত বিজয়াৱাড়া আৰু খাৱাম ৰেল ষ্টেচনৰ মাজত ৰেলৰ পৰা নিৰুদ্দেশ হয় কাংবুৰা তিছ' নামৰ লোকজন। নিৰুদিষ্ট লোকগৰাকীৰ কোনো সন্ধান পালে ৬০০৯৮৪১৩৮০ আৰু ৬০০১১২৬৭৮৩ এই নম্বৰত যোগাযোগ কৰিবলৈ সতীৰ্থৰ লগতে পৰিয়ালবৰ্গই অনুৰোধ জনাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us