/asomiyapratidin/media/media_files/2025/11/23/1-2025-11-23-07-52-42.jpg)
ডিজিটেল ডেস্কঃ মডেলিং জগতলৈ আনিল সুখবৰ। এই বছৰৰ মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰিলে ফাতিমা বশ্ব ফার্ণাণ্ডেজে।থাইলেণ্ডত অনুষ্ঠিত প্রতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল মণিকা বিশ্বকর্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-imag-2025-11-23-07-49-07.jpeg)
উল্লেখ্য যে প্রথম ৩০গৰাকী প্রতিযোগীৰ ভিতৰত স্থান লাভ কৰে যদিও পৰৱৰ্তী পর্যায়ত তেওঁ প্রথম ১২টাৰ ভিতৰত স্থান নাপালে। চাৰিটা ৰাউণ্ডৰ পাছত থাইলেণ্ডৰ প্ৰবিনাৰ সিং, ফিলিপাইনৰ আতিসা মনালো, ভেনিজুৱেলাৰ ষ্টেফানি অবছালী, মেক্সিকোৰ ফাতিমা আৰু আইভৰী কোষ্টৰ অলিভিয়া য়াছে প্রথম পাঁচটা স্থান দখল কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-2025-11-23-07-49-25.jpeg)
তাৰোপৰি মেক্সিকোৰ ফাতিমাক চলিত বৰ্ষৰ মিছ ইউনিভাৰ্ছ ঘোষণা কৰা হয়। মিছ ইউনিভাৰ্ছৰ মুকুট পৰিধান কৰাই ২০২৪ বৰ্ষৰ মিছ ইউনিভাৰ্ছ ভিক্টোৰিয়া থেলবিগে।থাইলেণ্ডৰ সুন্দৰী প্ৰবিনাৰ সিঙে প্ৰথম ৰানাৰ আপ, ভেনিজুৱেলাৰ ষ্টেফানিয়ে দ্বিতীয় ৰানাৰ আপ হোৱাও পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-image-2025-11-23-07-49-55.jpeg)
আনপিনে মিছ ইউনিভাৰ্ছ ফাতিমাই কয় যে তেওঁৰ সৰু কালছোৱা যথেষ্ট সংগ্ৰামৰ মাজেৰে পাৰ কৰিছিল। লগতে তেওঁ শৈশৱত ডিছলেক্সিয়া আৰু এ ডি এইচ ডিৰ সৈতে যুঁজ দিবলগীয়া হৈছিল আৰু ইয়াৰ ফলত তেওঁ পঢ়া-শুনাত সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ পঢ়া-শুনাত বিশেষভাৱে মনোযোগ দিবলগীয়া হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/whatsapp-image-2025-11-23-07-50-12.jpeg)
প্ৰাণিধানযোগ্য যে মনত অদম্য বিশ্বাস থাকিলে সকলো সম্ভৱ তাৰেই প্ৰমাণ কৰিলে ফাতিমাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us