/asomiyapratidin/media/media_files/2025/11/25/316-2025-11-25-12-44-22.jpg)
ডিজিটেল সংবাদ, বোকাখাত : অসমৰ ছয় জনগোষ্ঠী - মটক, তাই-আহোম, মৰাণ, চুতীয়া, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ চৰকাৰী প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে মিচিং জনগোষ্ঠীয় সংগঠনে। বোকাখাতৰ নিকৰি বৰতল তিনিআলিত মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেই বিশাল প্ৰতিবাদী জোৰ সমদল কাৰ্যসূচী সম্পন্ন কৰে।
গোলাঘাট জিলা টি এম পি কেৰ সভাপতি জিতু কুমাৰ বৰিয়ে শুভাৰম্ভ কৰা জোৰ সমদলত মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক পৰ্যায়ৰ প্ৰতিনিধি ভাগ লয়। নিকৰি বৰতল তিনি আলিৰ পৰা আৰম্ভ কৰি বংকুৱাল ভেলুগুৰি তিনিআলিলৈকে পদযাত্ৰা কৰি বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।
জোৰ সমদলত অংশ লোৱা কেইবাশ প্ৰতিবাদকাৰীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰে ৷ জনজাতিকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us