কাৰেং চাপৰিত দশম বাৰ্ষিক মিছিং যুৱ মহোৎসৱ

ভূমিপুত্ৰ মিছিংসকলৰ কৃষ্টি -সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৫ দিনীয়াকৈ আয়োজিত মহোৎসৱত প্ৰথম দিনা সন্ধিয়া উখল-মাখল পৰিবেশৰ মাজত মূল তোৰণ, মূল মঞ্চ, প্ৰতিনিধি শিবিৰ, মুৰুং ঘৰ, গ্ৰন্থ বিপনী, ভোজনালয় আদি উদ্বোধন কৰা হয়

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰৰ নৈপৰীয়া কাৰেং চাপৰিত সোমবাৰৰ পৰা আৰম্ভ হ'ল দশম বাৰ্ষিক মিছিং যুৱ মহোৎসৱৰ। ভূমিপুত্ৰ মিছিংসকলৰ কৃষ্টি -সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৫ দিনীয়াকৈ আয়োজিত মহোৎসৱত প্ৰথম দিনা সন্ধিয়া উখল-মাখল পৰিবেশৰ মাজত মূল তোৰণ, মূল মঞ্চ, প্ৰতিনিধি শিবিৰ, মুৰুং ঘৰ, গ্ৰন্থ বিপনী, ভোজনালয় আদি উদ্বোধন কৰা হয়।

বিস্তৃত কাৰ্য্যসূচী সফল কৰি তুলিবলৈ দিবা নৈশ কাৰ্যৰত হৈ আছে আয়োজকসকল। দুই লক্ষাধিক ৰাইজক আদৰণীৰ বাবে সাজু দুই সহস্ৰাধিক সেচ্ছাসেৱক। শদিয়াৰ পৰা বুৰুলিলৈকে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বসবাস কৰা মিছিং ৰাইজৰ আৰ্থিক আৰু কায়িক সহযোগত অনুষ্ঠিত হৈছে এই বিশাল অনুষ্ঠান।

মহোৎসৱৰ অন্তিম দিনা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত কেন্দ্ৰ-ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী,বিধায়ক,বিশিষ্ট আৰু বৰেণ্য ব্যক্তিয়ে মুকলি সভা শুৱনি কৰিব।

চিলাপথাৰ