কাকডোঙাৰ মহিমাত অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱ...

বিলাসী গাড়ীত অহা দৃৰ্বৃত্তই লুটি নিলে দুটা টিভি

author-image
Asomiya Pratidin
New Update
কাকডোঙাৰ মহিমাত অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱ...

ডিজিটেল সংবাদ, কাকডোঙাঃ কাকডোঙাৰ চোমণি আৰক্ষী চকীৰ অন্তৰ্গত মহিমাত বৃহস্পতিবাৰে সংঘটিত হয় দিন ডকাইতিৰ ঘটনা। জানিব পৰা মতে গোলাঘাট চহৰৰ পৰা গ্ৰাম্যাঞ্চলত কাপোৰ আৰু টিভি বিক্ৰী কৰিবলৈ মটৰ চাইকেলত অহা ব্যৱসায়ীক মহিমা তিনিআলিত লুট-পাট কৰে অচিনাক্ত দৃৰ্বৃত্তই।

প্ৰায় ৬ খন ডিব্ৰুগড় ৰেজিষ্টেচনৰ বিলাসী গাড়ী একেলগে মহিমা তিনিআলিত ৰৈ লুট-পাট কৰে ব্যৱসায় কেইজনক। ব্যৱসায় কেইজনে চিঞৰ বাখৰত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত ডকাইতৰ দলটো পলাই যাবলৈ সক্ষম হয় যদিও দলটোৱে ব্যৱহাৰ কৰা AS06U 7555 নম্বৰৰ বিলাসী গাড়ীখন এৰি থৈ যায়।

ব্যৱসায়ী কেইজনৰ ভাষ্যমতে তেওঁলোকৰ পৰা ডকাইতৰ দলটোৱে দুটা টিভি লৈ যায়। চোমণি আৰক্ষী চকীৰ আৰক্ষী দল এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ডকাইতৰ দলটোৱে এৰি যোৱা বিলাসী বাহনখন জব্দ কৰিছে ।

Assam police