/asomiyapratidin/media/media_files/2026/01/31/mirzazazza-2026-01-31-20-25-13.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ লগতে মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চ'কৰ পদপথ পাঁচ বছৰৰো অধিককাল ধৰি মৰণফান্দ সদৃশ পৰিৱেশ হৈ থকা স্বত্বেও কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণ বিষয়াৰ।
এই চ'কৰ কাষৰ পদপথত পূৰ্বে এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত সংঘটিত এক দুৰ্ঘটনাত মিৰ্জাৰ চেণ্টেল বেংকৰ তলৰ পদ পথটি ভাঙি যায়। ঘটনাস্থলীত পাচত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ বাহনখনি উদ্ধাৰ কৰাৰ উপৰি এই পদ পথটি নতুনকৈ নিৰ্মাণ কৰাৰ ৰাইজক আশ্বাস প্ৰদান কৰিছিল। কিন্তু সেই আশ্বাস কামত নাহিল।
বৰ্তমান বোকা-পানী, জাৱৰ-জোঁথৰেৰে ভৰ্তি হৈ পৰা এই পদপথটি ৰাইজে মেৰামতিৰ দাবী জনাইছে। মৰণফান্দত পৰিণত হোৱা এই পদপথচোৱাত ইতিমধ্যেই ছাত্ৰ-ছাত্ৰী, পথচাৰী পৰি দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আনকি এই ভগ্ন পদপথত পেলোৱা জাৱৰ জোথৰপৰা অঞ্চলটোত দুৰ্গন্ধও বিয়পি পৰিছে।
মাজে সময়ে মিৰ্জাৰ লোক নিৰ্মাণ বিভাগে এই নলা-নৰ্দমাবোৰ চাফ-চিকুণ কৰি আহিছে যদিও এই পদপথটিৰ মেৰামতি নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে, এই পদ পথটিৰে মিৰ্জাৰ চেণ্টেল বেংক, কাষত থকা কেইবাটাও এ টি এম, মিৰ্জাৰ বন বিভাগৰ কাৰ্যালয়, দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জা, অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়, শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়, মিৰ্জা ছোৱালী হাইস্কুলকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠানলৈ ৰাইজ, ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰে। ফলত ৰাইজে যাতায়াতৰ বাবে বিপাঙত পৰিছে।
লগতে নিতৌ এই অনুষ্ঠান প্ৰতিষ্ঠানলৈ অহা ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰীয়ে এই পথৰেই যাতায়াত কৰাই নহয় ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও আদি দূৰণীবটীয়া ঠাইলৈ যোৱা বাছ সমূহ এই পদ পথৰ কাষত ৰখাত বাছত উঠিবলৈ অহা যাত্ৰীয়ে বিপাঙত পৰিবলগীয়া হয়।
আনকি ততাতৈয়াকৈ বাছত উঠিবলগীয়া যাত্ৰীয়ে এই পদপথৰ বাবে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়াত পৰিছে। মিৰ্জাৰ ৰাইজে কৈছে- এয়াই আমাৰ মিৰ্জাৰ বিকাশ। আনকি মিৰ্জাৰ চকত প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা আৰু আৰক্ষী প্ৰশাসনে মামণি ৰয়ছম গোস্বামীৰ প্ৰতিমূৰ্তিৰ লগতে এখন আটকধুনীয়া পাৰ্ক নিৰ্মাণ কৰি চিচি কেমেৰা স্থাপন কৰাৰ দিয়া আশ্বাসো কামত নাহিল।
অঞ্চলটোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথছোৱাটো বাদেই এই মৰণফান্দ সদৃশ পদপথটি মেৰামতি কৰিবলৈ সক্ষম নহ'ল বিভাগীয় কৰ্তৃপক্ষই। আনহাতে, এই পদপথৰ কিছু দূৰত আছে এখনি সুৰা বিপনী। এই সুৰা বিপনীখনিৰ পৰা সুৰা ক্ৰয় কৰাৰ বাবদ গ্ৰাহকে মিৰ্জাৰ ৰাষ্ট্ৰীয় ঘাই পথতে যানবাহনবোৰ জধে-মধে ৰাখি থোৱাত পথচাৰীৰ বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষী প্ৰশাসনে কোনো ব্যবস্থাগ্রহণ কৰিবলৈ সক্ষম হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us