/asomiyapratidin/media/media_files/2025/11/02/jjj-2025-11-02-09-09-06.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্রাণকেন্দ্র বিজয়নগৰৰ লগতে পলাশবাৰী , মির্জা,বাটৰহাট আদি অঞ্চলত চোৰে চুৰিকার্য সংঘটিত কৰি ৰাইজৰ নিদ্রাহৰণ কৰিছে । ভালেমান ব্যৱসায়িক প্রতিষ্ঠান, শিক্ষানুষ্ঠানত চোৰে চুৰিকার্য সংঘটিত কৰাৰ উপৰিও কৃষক ৰাইজৰ পশুধন সঘনাই চুৰি কৰি লৈ যোৱা কার্যত কৃষক ৰাইজে নিঃ সহায় অনুভব কৰিছে ।
বৃহস্পতিবাৰে নিশা মির্জাৰ মামণি ৰয়ছম গোস্বামী চ'কৰ মির্জা ইলেকট্রনিক নামৰ ব্যৱসায়িক প্রতিষ্ঠানটোৰ মুধৰ ওপৰৰ টিন কাটি ভিতৰত প্রৱেশ কৰি প্রায় ৮ লাখ ৫০ হাজাৰ টকা মূল্যৰ বিভিন্ন ব্রেণ্ডৰ ম'বাইলৰ লগতে কম্পিউটাৰ চোৰে চুৰি কৰি লৈ যায় । মির্জা ইলেকট্রনিকৰ স্বত্বাধিকাৰী নিৰঞ্জন মহন্তই কয়- ইয়াৰ পূর্বে ২০২২ চনত চোৰে ব্যৱসায়িক প্রতিষ্ঠানখনত প্রৱেশ কৰি প্রায় ১২ লক্ষ্যাধিক টকা মূল্যৰ সা-সামগ্রী লুটি লৈ যায় ।
আৰক্ষীয়ে নিচেই ওচৰত গিজ-গিজাই থকাৰ স্বত্ত্বেও ২০২২ চনতে উক্ত ব্যৱসায়িক প্রতিষ্ঠানখনত চুৰি হোবা সামগ্রী উদ্ধাৰ কৰিব নোৱাৰাত স্বত্বাধিকাৰী নিৰঞ্জন মহন্তই গভীৰ ক্ষোভ প্রকাশ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us