/asomiyapratidin/media/media_files/2026/02/10/ferwewew-2026-02-10-21-48-41.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ খেলুৱৈ অঞ্জলি দাস। আবু ধাবিত অনুষ্ঠিত মাষ্টার্চ এথলেটিক্স মীটত ৫০০০ মিটাৰ খোজ কঢ়া প্রতিযোগিতাত স্বর্ণ পদক অর্জন কৰি অসমৰ লগতে দক্ষিণ কামৰূপলৈ গৌৰৱ কঢ়িয়াই আনে খেলুৱৈ গৰাকীয়ে।
তেওঁৰ এই সাফল্যত অঞ্চলটোত উৎসাহৰ সৃষ্টি হোৱা দেখা যায়। উল্লেখযোগ্য যে, শেহতীয়াভাৱে ইণ্ডিয়ান ফিটনেছ কমিউনিটিৰ উদ্যোগত উত্তৰ পূৱ ভাৰতৰ সংস্থা নীপকোৰ তৰফৰপৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ৫ সংখ্যক প্ৰতিযোগিতাখনিত অঞ্জলী দাসৰ লগতে তেওঁৰ দুই শিক্ষাৰ্থী জুৰী দাস আৰু অজয় ৰাভাই স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এক ঘণ্টা, দুই ঘণ্টা, চাৰি ঘণ্টা আৰু আঠ ঘণ্টীয়া এই চাৰিটা ইভেণ্টত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাত ক্ৰীড়াবিদ অঞ্জলি দাসে মহিলাৰ শাখাত আঠ ঘণ্টাত ৬৬.৮ কিঃ মিটাৰ দৌৰি দ্বিতীয়স্থান পাবলৈ সক্ষম হয়। আনহাতে সৰুহেৰামদোৰ জুৰি দাসে এক ঘণ্টীয়া দৌৰ প্ৰতিযোগিতাত ১২.৪৮ কিঃ মিঃ দৌৰি দ্বিতীয় স্থান আৰু বেলৰগুৰিৰ অজয় ৰাভা দুই ঘণ্টীয়া দৌৰ প্ৰতিযোগিতাত ২৭.০৯ কিঃ মিঃ দৌৰি তৃতীয়স্থান পাবলৈ সক্ষম হয়। সমগ্ৰ ভাৰতৰ পৰা ৬০০ গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সকলোৰে বাবে মুকলি থকা এই ইভেণ্টত তিনিও গৰাকী খেলুৱৈয়ে জুবিন গাৰ্গৰ ফটো খোদিত মেডেল ,নগদ ধন আৰু ট্ৰফী লাভ কৰে। চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মিৰ্জাৰ একাউণ্টেট অঞ্জলি দাসে এই অনুষ্ঠানত দুবাৰকৈ যোগদান কৰি স্থান লাভ কৰিবলৈ সক্ষম হয়। লগতে স্থান পোৱা এই জুৰি দাস আৰু অজয় ৰাভা হল অঞ্জলী দাসে প্ৰশিক্ষণ দিয়া শিক্ষাৰ্থী। তেওঁলোকৰ এই সাফল্যত সমগ্ৰ দক্ষিণ কামৰূপৰ লগতে পলাশবাৰী, আমৰাঙ্গা-বৰিহাট অঞ্চল, মিৰ্জাৰ চেণ্ট্ৰেল বেংক শাখাটো উৎসাহৰ সৃষ্টি হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us