/asomiyapratidin/media/media_files/2026/02/13/1-2026-02-13-20-21-54.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ অসমৰ বিভিন্ন প্ৰান্তত দিনক-দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম্য। এই ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্যত জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। ইপিনে আজাৰা আৰক্ষী থানা তথা পূৱ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ভিআইপিত যোৱা মঙ্গলবাৰে নিশা এখন দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়। অভিযোগ অনুসৰি নিশা চালকে সুৰা সেৱন কৰি তীব্ৰ বেগত চলাই অহা এখন ডাম্পাৰৰ খুন্দাত এই ঘটনা সংঘটিত হোৱাৰ লগতে এই থানাৰ অন্তৰ্গত আগচিয়াৰ নোৱাপাৰা নিৱাসী ৰাজীৱ বৈশ্যই এই দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হ'বলগীয়া হৈছিল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/13/whatsapp-2026-02-13-20-18-26.jpeg)
চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি অৱশেষত যোৱা নিশা মৃত্যুক আকোৱালি লয় যুৱকজনে। খবৰ মতে, আগছিয়া গাঁৱৰ এজন সহজ,সৰল আৰু ভাল লৰা আছিল ৰাজীৱ বৈশ্য। পৰিয়ালটোৰ উপার্জনকাৰি হিচাপে তেওঁ একমাত্ৰ ল'ৰা আছিল। তেওঁ ভি.আই.পি চ"কত শাক-পাচলিৰ দোকান দি পৰিয়ালটো সুন্দৰকৈ পোহ-পাল দি আছিল। কিন্তু সেইদিনা নিশা দোকান বন্ধ কৰি ঘৰলৈ আহোতে এই ঘটনা সংঘটিত হয়।
উল্লেখ্য যে, আজি বিয়লিৰ ভাগত তেওঁৰ মৃতদেহ জিএমচিএইচৰ পৰা মৰণোত্তৰ পৰীক্ষা কৰি ঘৰলৈ অনাত অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। স্থানীয় লোকে তেওঁৰ মৃত্যুৰ বাবে আৰক্ষী প্ৰশাসন তথা বনবিভাগক জগৰীয়া কৰে। আৰক্ষী প্ৰশাসন তথা বনবিভাগক তেওঁৰ নিথৰুৱা পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ দিবলৈ আহ্বান জনাইছে। লগতে এই ডাম্পাৰৰ চালকক আটকৰ দাবী উত্থাপন কৰিছে।
আজাৰা,ৰাণী,পলাশবাৰী,আগচিয়া,মাজিৰগাঁও,ধাৰাপুৰ,বিজয়নগৰ,বৰিহাট,কল্লাপাৰা,গোসাইহাট, তিনিআলি,মিৰ্জা, উপৰহালী,লোহাৰঘাট আদি বিভিন্ন অঞ্চলত আৰক্ষী প্ৰশাসন তথা বনবিভাগক মেনেজ কৰি নিয়ন্ত্ৰণহীনভাৱে ডাম্পাৰ দৌৰাত্ম্য অব্যাহত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us