অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পবিত্ৰ দলৈৰ স্মৃতিত গ্ৰন্থ উন্মোচন...

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সতপুৰ আঞ্চলিক হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত পবিত্ৰ দলৈৰ মৃত্যুৰ এবছৰ পূৰ্তিৰ উপলক্ষে কালি সতপুৰ আঞ্চলিক হাইস্কুলত এখনি স্মৃতিচাৰণ সভা আৰু পবিত্ৰ দলৈৰ জীৱন চৰ্চাৰে

author-image
Asomiya Pratidin
New Update
ahhss

ডিজিটেল সংবাদ, মিৰ্জাঃ  পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সতপুৰ আঞ্চলিক হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত পবিত্ৰ দলৈৰ মৃত্যুৰ এবছৰ পূৰ্তিৰ উপলক্ষে কালি সতপুৰ আঞ্চলিক হাইস্কুলত এখনি স্মৃতিচাৰণ সভা আৰু পবিত্ৰ দলৈৰ জীৱন চৰ্চাৰে এখনি স্মাৰক গ্ৰন্থ পবিত্ৰ উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত পবিত্ৰ দলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন শিক্ষয়িত্ৰী তথা পবিত্ৰ দলৈৰ সহধৰ্মিনী নিৰুপমা মালী দলৈয়ে, মাল্যাৰ্পণ কৰে প্ৰাক্তন শিক্ষক দীপক দাসে।

সভাত এই গ্ৰন্থখনি উন্মোচন কৰে প্ৰাক্তন শিক্ষক কিৰণ কলিতা, গোলাপ ভৰালী, কামিনী দাস, ৰত্নকান্ত শৰ্মা, হেমন্ত দাস আৰু দীপক দাসে। এই সভাত প্ৰাক্তন কটনিয়ান,এসময়ৰ মেধাবী ছাত্ৰ পবিত্ৰ দলৈৰ স্মৃতিত কিৰণ কলিতা,গোলাপ ভৰালীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।তেওঁৰ জীৱনৰ ঘাত প্ৰতিঘাত বিষয়ৰ লগতে শিক্ষা লাভ আৰু শিক্ষকতা জীৱনৰ বিষয়ত থকা তেওঁৰ অৱদানৰ বিষয়ে কয়।

সুদক্ষ ঘোষক জ্যোতিষ ৰাভাই আঁত ধৰা এই স্মৃতিচাৰণ সভাত দক্ষিণ কামৰূপৰ বহু কেইবাগৰাকী বিশিষ্ট শিক্ষক, শুভাকাংক্ষী ৰাইজ,পবিত্ৰ দলৈৰ পৰিয়াল আৰু সতপুৰ আঞ্চলিক হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী লগতে ছাত্ৰ-ছাত্ৰীবৃন্দ উপস্থিত থাকি তেওঁৰ স্মৃতিচাৰণ কৰে। উল্লেখ যে, পবিত্ৰ দলৈয়ে লোহাৰঘাট হাইস্কুল,কটন কলেজিয়েট আৰু কটন কলেজত শিক্ষা গ্ৰহণ কৰিছিল।

 সত্তৰ দশকৰ আৰম্ভণিত গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ দক্ষিণ কামৰূপৰ নিজৰ গাওঁ সতপুৰলৈ উভতি আহিছিল পবিত্ৰ দলৈয়ে। স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সতপুৰ আঞ্চলিক ছোৱালী স্থাপন কৰি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হৈছিল।১৯৭৮ চনত থকা জনতা দলৰ চৰকাৰৰ পবিত্ৰ দলৈ কামৰূপ জিলাৰ জনতা দলৰ সম্পাদক পদতো আছিল। লগতে সেই সময়ত কাউন্সিলয়ৰ আছিল। অসম আন্দোলনৰ পিছত ৰাজনীতি পৰিত্যাগ কৰিছিল।

মিৰ্জা