/asomiyapratidin/media/media_files/2026/01/09/yanss-2026-01-09-19-32-56.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পৰিবহন বিভাগ অসমৰ জিলা পথ সুৰক্ষা সমিতি কামৰূপ আমিনগাঁৱৰ যোৱা ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে আজি পৰিবহন বিভাগ কামৰূপৰ উদ্যোগত পলাশবাৰীৰ মিৰ্জা চানডুবি পথৰ তিনিআলিত এটি অভিযান চলোৱা হয়। এই অভিযানকালত নথি পত্ৰ সঠিক নথকা,যানবাহনৰ নিয়ম উলংঘা কৰা বহু কেইখন যানবাহন জব্দ কৰে বিভাগটোৰ লোকে। আৰু যানবাহন বোৰৰ ফটোও সংগ্ৰহ কৰে।
আজি পৰিবহন বিভাগৰ এই অভিযানৰ কথা জানিব পাৰি শিল, বালি,মাটি কঢ়িওৱা বহু যানবাহনৰ উপৰি অন্যান্য যানবাহন মেনাপাৰা,গোসাইহাট,কল্লাপাৰা আদি পথেৰে পলায়ন কৰে। আনহাতে আজি এই বিভাগটোৰ লোকে দক্ষিণ কামৰূপৰ কেইবাঠাইত অভিযান চলাই নিয়ম ভংগ কৰা যানবাহন জব্দ কৰে।
এই বিভাগটোৱে লগতে বাহনৰ গৰাকীয়ে তীব্রগতি পৰিহাৰ কৰি দূৰ্ঘটনা এৰাই চলা,দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট ব্যৱহাৰ কৰা, সুৰাপান কৰি গাড়ী চলোৱা বন্ধ কৰা,গাড়ী চলাই থাকোতে ম'বাইল ফোন ব্যৱহাৰ নকৰা,গাড়ী চলাওঁতে সদায় চিট্ বেল্ট ব্যৱহাৰ কৰা আদি গুৰুত্বপূৰ্ণ কথাৰে প্ৰচাৰ পত্ৰও বিতৰণ কৰে।
উল্লেখ্য যে,মিৰ্জা চানডুবি পথত সঘনাই একাংশ যানবাহন তথা মটৰ চাইকেল চালকৰ দৌৰাত্ম্যত ৰাইজ অতিষ্ঠ হৈ পৰিছে। লগতে সঘনাই এই পথত দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষী প্ৰশাসন তথা পৰিবহন বিভাগৰ বিশেষ অভিযান চলা নাছিল। সেয়ে আজিৰ অভিযানত সচেতন লোকে বিভাগটোৰ লোকক প্ৰশংসা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us