বনবিভাগ-আৰক্ষীক মেনেজ কৰি চলিছে চোৰাং কাঠৰ সৰবৰাহ...

বনবিভাগ আৰু আৰক্ষীৰ ছত্ৰছায়াত ৰাণী,আজাৰা,ভিআইপি,বিজয়নগৰ,পলাশবাৰী,বৰিহাট,লোহাৰঘাট আদি অঞ্চলত বৰ্তমান মাটি আৰু শিলভৰ্তি ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ আৰক্ষী আৰু বনবিভাগক মেনেজ কৰি একাংশ চোৰাংকাঠৰ ব্যৱসায়ীয়ে নিশাৰ ভাগত ৰাণী,ভোলাগাঁও,সৰপাৰা,মিৰ্জা,বৰিহাট,পলাশবাৰী,বিজয়নগৰ আদি অঞ্চলত চোৰাংকাঠৰ এখন ৰমৰমীয়া বেহা চলাই গৈছে। বিশেষকৈ চোৰাংকাঠৰ কাৰবাৰীয়ে পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী, পলাশবাৰী আৰু ৰাণী আৰক্ষীক মেনেজ কৰি চোৰাংকাঠৰ ৰমৰমীয়া বেহা চলাই গৈছে। 

WhatsApp Image 2026-01-29 at 5.38.05 PM (1)

এক যুদ্ধংদেহী মনোভাৱেৰে নিশাৰ ভাগত গঢ়ি তোলা এই চোৰাং কাঠৰ ৰমৰমীয়া বেহাক লৈ যেন চোৰাং কাঠৰ সৰবৰাহীসকলৰ দেহত তৎ নাই। চাৰিওফালে চাতুকাৰ,চোৰাংচোৱা ৰাখি কাম হাচিল কৰি গৈছে। বিভিন্ন মটৰ চাইকেল,সৰু সুৰা বাহনত মানুহ নিয়োগ কৰি এই চোৰাং কাঠভৰ্তি বাহনসমূহ সৰবৰাহ কৰাত চকু ৰাখি আহিছে। বিশেষকৈ অসম মেঘালয়ৰ সীমান্ত তথা চুবুৰীয়া মেঘালয়ৰ জিৰাং,পাথাৰখামা,উমচুৰ আদি ঠাইৰ পৰা শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়, জৰাশাল, নালাপাৰা,গাৰোপাৰা খণ্ড বন কাৰ্যালয়,হাতী মৰা ঘূলি, চেচা,উমচুৰ, বাখালাপাৰা,পাগেলীবাগান,গণপতি আদি বিভিন্ন ঠাইৰে মূল্যবান শাল, চেগুনভৰ্তি চোৰাংকাঠৰ ট্ৰাক নিশাৰ ভাগত দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইলৈ সৰবৰাহ হৈ আহিছে। 

WhatsApp Image 2026-01-29 at 5.38.05 PM

উল্লেখ্য যে, ৰাজ্যত বিয়াগোম বনবিভাগ এটি থকাৰ পাছতো বনজ সম্পদ ধ্বংসৰ অভিযানক নাকী লগাবলৈ সক্ষম নহয় একাংশ উচ্চপদস্থ বনবিষয়া,বিষয়া-কৰ্মচাৰী, আৰক্ষী প্ৰশাসনৰ লোক। বৰ্তমান ৰক্ষকেই ভক্ষক হৈ পৰিছে। ইপিনে একাংশ পুৰণি বিষয়া,বন কৰ্মী,আৰক্ষীয়ে সংমণ্ডলটোৰ অন্তৰ্গত গোপন কাঠফলা কল, নামমাত্ৰ নথি পত্ৰ বিহীনভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠা কাঠৰ দোকানৰ পৰা সময়ে সময়ে মোটা অংকৰ ধন সংগ্ৰহ কৰি অহাৰো অভিযোগ উত্থাপন হৈছে। বনবিভাগ আৰু আৰক্ষীৰ ছত্ৰছায়াত ৰাণী,আজাৰা,ভিআইপি,বিজয়নগৰ,পলাশবাৰী,বৰিহাট,লোহাৰঘাট আদি অঞ্চলত বৰ্তমান মাটি আৰু শিলভৰ্তি ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত অঞ্চলটোৰ জনজীৱন এক প্ৰকাৰ বিপদাপন্ন হৈ পৰিছে।

পলাশবাৰী