মিৰ্জাত ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ ষট্ ত্ৰিংশতিতম ৰাজ্যিক অধিৱেশন সম্পন্ন

ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয় তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সৌজন্যত আয়োজন কৰে উক্ত অধিৱেশনৰ।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ ষট্ ত্ৰিংশতিতম ৰাজ্যিক অধিৱেশনখন কামৰূপ জিলাৰ ইতিহাসপ্ৰসিদ্ধ মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰাংগনত দুদিনীয়াকৈ অনুষ্ঠিত হয় । ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয় তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সৌজন্যত উক্ত অধিৱেশনৰ আয়োজন কৰে। 

WhatsApp Image 2026-01-04 at 6.32.02 PM (2)

সমিতিৰ পতাকা উত্তোলন কৰি দুদিনীয়া অধিৱেশনৰ শুভাৰম্ভ কৰে ৰাজ্যিক সভাপতি ড°গজেন্দ্ৰ অধিকাৰীয়ে। প্রয়াত কাৰ্যকৰ্তাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডাক্তৰ জুৰি ভাৰত কলিতা, ৰাষ্ট্ৰীয় সংগঠন সচিব ড° বালমুকুন্দ পাণ্ডে, ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰে। ইপিনে ৩ জানুৱাৰীত অধিৱেশনৰ শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই । 

WhatsApp Image 2026-01-04 at 6.32.03 PM

এইখিনিতে উল্লেখ কৰিব লাগিব যে, প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি জুলা শৰ্মাই। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০, ভাৰতীয় জ্ঞান পৰম্পৰা আৰু ইতিহাস বিষয়ক বিশেষ আলোচনা চক্ৰত অসমৰ ১০খন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য আৰু ৩০ খন মহাবিদ্যালয়ৰ অধ্যক্ষ সকলে অংশগ্ৰহণ কৰে। ইতিহাস বাৰ্তা বাক্সা জিলা বিশেষ সংখ্যা, ড° নীলাঞ্জন দে ৰচিত নেতাজী সুভাষ চন্দ্ৰ বিষয়ক এখন গ্ৰন্থ, ড° জাহ্নৱী দেৱীৰ দ্বাৰা সম্পাদিত অধিৱেশনৰ স্মৰণিকা " কামৰূপ প্ৰভা" আৰু মীনাক্ষী বৰা ৰচিত এখন গ্ৰন্থও উন্মোচিত হয়। উভয় দিনতে কেইবাখনো সত্ৰ আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ লগতে ৩ জানুৱাৰীৰ সন্ধিয়া সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

WhatsApp Image 2026-01-04 at 6.32.02 PM

প্ৰণিধানযোগ্য যে, দক্ষিণ কামৰূপ অঞ্চলৰ সাংস্কৃতিক উপাদান সমূহৰ বিশেষ প্ৰদৰ্শন কৰা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে অমৃত কণ্ঠ জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে।  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নতুন নতুন ইতিহাসকাৰ সকলে এইবাৰৰ অধিৱেশনত ভিন ভিন বিষয়ৰ মুঠ ৫৭ খন গৱেষণা পত্ৰ দাখিল কৰে। ৪ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য উল্লাস কুলকাৰ্ণিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমীয়াতে ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত কুলকাৰ্ণিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভালেমান ঐতিহাসিক তথ্য ব্যক্ত কৰাৰ লগতে প্ৰাচীন উত্তৰ-পূৱ ভাৰতত ইছলামিক আগ্ৰাসন আৰু বৃটিছ চৰকাৰে কৰা অন্যায়ৰ বিষয়ে উল্লেখ কৰি ইতিহাসবিদ সকলক এইবোৰ বিষয়ত ভালদৰে অধ্যয়ন কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

WhatsApp Image 2026-01-04 at 6.32.02 PM (1)

মিৰ্জা