ৰাইজে নাপালে মাছ! নামতহে আছে আমৰাঙ্গা-বৰিহাট মীন পাম প্ৰশিক্ষণ কেন্দ্ৰ

আমৰাঙ্গা-বৰিহাট বজাৰতো উৰুকাৰ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহক ওলাই আহিছে। আমৰাঙ্গা মীন পাম আৰু প্ৰশিক্ষণ কেন্দ্ৰই যোগাৰ ধৰিব পৰা নাই মাছ। এই অভিযোগ স্থানীয় ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
web kamrup fish Untitled-1 copy

ডিজিটেল সংবাদ, মিৰ্জা: আজি উৰুকা। পূৰ্বৰ দৰে বিশেষ উখল-মাখল পৰিৱেশ নাই যদিও বজাৰত মানুহৰ সমাগম নোহোৱা নহয়। বিশেষকৈ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ বাঢ়িছে। এইক্ষেত্ৰত দক্ষিণ কামৰূপৰ এটি ব্যৱসায়িক অঞ্চল আমৰাঙ্গা-বৰিহাট। 

ৰাজ্যৰ আন ঠাইৰ দৰে এই অঞ্চলটোত থকা আমৰাঙ্গা-বৰিহাট বজাৰতো উৰুকাৰ মাছ ক্ৰয় কৰিবলৈ গ্ৰাহক ওলাই আহিছে। কিয়নো এই বজাৰখন অঞ্চলটোৰ এখন উল্লেখযোগ্য বজাৰ। অৱশ্যে পূৰ্বৰ তুলনাত এইবেলি গ্ৰাহকৰ সংখ্যা বিশেষ পৰিলক্ষিত হোৱা নাই। 

তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে, এই বজাৰখনৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত আছে অসমৰ এখন উল্লেখযোগ্য আমৰাঙ্গা মীন পাম আৰু প্ৰশিক্ষণ কেন্দ্ৰ। কিন্তু এই কেন্দ্ৰটো কেৱল যেন নামতে আছে। একাংশ কৰ্মচাৰীয়ে চৰকাৰী দৰমহা লোৱাক বাদে যেন বিশেষ উপকৃত হোৱা নাই অঞ্চলটোৰ ৰাইজ। 

এই মাঘ বিহুৰ দিনতো এই মীন পামখনৰ পৰা ৰাইজে এটি মাছ পাবলৈও সক্ষম হোৱা নাই। যাৰ বাবে ৰাইজে আক্ষেপ কৰে যে, এই পামখন নামতে মীন পাম। দৰাচলতে, ৰাইজে এটিও মাছ পাবলৈ নাই। আনকি এই মীন পামখনত কেইবাটাও ডাঙৰ ডাঙৰ পুখুৰী কদৰ্যময় হৈ পৰিছে। 

পূৰ্বতে ৰাইজে এই পামখনৰ থলুৱা মাছ পাবলৈ সক্ষম হৈছিল যদিও এতিয়া বন্ধ বুলি ৰাইজে অভিযোগ তুলিছে। প্ৰশ্ন হয়- মীন পামত যদি মাছে নাপাই তেতিয়াহ’লে কি পাব বুলি মত প্ৰকাশ কৰে স্থানীয় ৰাইজে। যাৰবাবে এই মাঘৰ বিহুৰ উৰুকাৰ দিনাও থলুৱা মাছৰ সলনি এক প্ৰকাৰ আন ঠাইৰ পৰা সৰবৰাহ কৰা চালানী মাছহে উভৈনদী হৈ পৰিছে।

assam kamrup