/asomiyapratidin/media/media_files/2026/01/02/gfrgterdwasaw-2026-01-02-23-31-00.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত চানডুবি বিলৰ নগৰ বাকৰিত পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ষষ্ঠদশ চানডুবি উৎসৱ। এই চানডুবি উৎসৱৰ আজি দ্বিতীয় দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্যই অংশগ্ৰহণ কৰে। তেওঁ চানডুবি বিলৰ জৈৱ-বৈচিত্র্য ৰক্ষাৰ্থে সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজে যোৱা ২০১১ বৰ্ষৰ পৰাই চানডুবি উৎসৱ পাতি কাম কৰি যোৱাত শলাগ লয়।
নেতাগৰাকীয়ে উল্লেখ কৰে যে, প্ৰকৃতিৰ অৱদান চানডুবি বিলখনি জীয়াই থাকিলেহে ৰাইজ উপকৃত হ'ব। চানডুবি উৎসৱ সফল হব। বছৰি চানডুবি বিললৈ অহা দৰ্শনাৰ্থী, বনভোজকাৰী, পৰ্যটক, গৱেষকৰ সমাগমে এই অঞ্চলটোৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰিব বুলি উল্লেখ কৰে। সকলোকে চানডুবি বিলৰ জৈৱ-বৈচিত্র্যক অটুট ৰাখিবলৈও তেওঁ কয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-23-29-12.jpeg)
আনহাতে, এই অনুষ্ঠানত গুৱাহাটী লোকসভাৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে উপস্থিত হয়। তেওঁক সমিতিয়ে এখন ৰাভা জাতীয় পাজাৰেৰে সম্বৰ্ধনা জনায়। চানডুবি উৎসৱলৈ তেওঁ আৰম্ভৰ পৰাই আহি আছে বুলি কৈ ৰাইজক মনোৰম চানডুবি বিলখনি জীয়াই ৰাখিবলৈ আহ্বান জনায়। এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত হয় আমেৰিকাৰ পৰা ৰাভা ভাষাৰ লগতে ৰাভা লোক সংগীতৰ বিষয়ত অধ্যয়ন কৰাৰ বাবে অসমলৈ অহা শ্ৰেয়া পূজাৰী। চানডুবি উৎসৱলৈ আহি বাৰুকৈয়েই আল্পুত হোৱা বুলি ভাষণত উল্লেখ কৰে। ৰাভা ভাষাৰ লোক সংগীতৰ অধ্যয়ন কৰি ভৱিষ্যত সংগীতৰ এগৰাকী সাধক হোৱাৰ কথা তেওঁৰ আশা আৰু সপোন আছে বুলি কয়। বহু লোকৰ সৈতে তেওঁ মনোভাৱ ব্যক্ত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-23-29-34.jpeg)
বিয়লি সাংস্কৃতিক কৰ্মী জ্যোতিষ ৰাভা আৰু জ্যোতিপ্ৰসাদ ৰাভাৰ পৰিচালনাত চানডুবিত আবেলিৰ গান শীৰ্ষক এখনি সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হয়। জ্যোতিপ্ৰসাদ দাসে কয় এই চানডুবি বিলৰ নগৰ বাকৰিত অনুষ্ঠিত এই উৎসৱ এক বিপ্লৱ, প্ৰকৃতি সুৰক্ষাৰ এক আন্দোলন। জোতিষ ৰাভাইও কয় এই চানডুবি বিলৰ নৈ সৰ্গিক সৌন্দৰ্য্য সচাই এক মোহনীয়। এই বিলখনি আমাৰ আত্মাত আছে বুলিও তেওঁ উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-image-2026-01-02-23-30-42.jpeg)
ইফালে, এই আবেলিৰ গান অনুষ্ঠানত ক্ৰমে লেখক তথা শিক্ষক উত্তম চন্দ্ৰ দাসৰ কথাৰে পি এম চি লোহাৰঘাট চৰকাৰী এম ভি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ এটি দলে সমবেত সংগীত পৰিবেশন কৰে। একক কণ্ঠত ক্ৰমে পংকজ ৰাভা,কেপ্টেইন কুন্তল জী, মানস প্ৰতীম ৰাভা, আলিচা ৰাভা, টাইচন ৰাভা, শ্যামন্ত চব্বৰ, দিকনীল, পংকজ ৰাভা, বিমল কলিতা, ডেপুটি চি অ কামৰূপ জিলা পৰিষদৰ ধনজিত দত্ত, ভবান্ত ৰাভা, খনিন্দ্ৰ বড়ো আদি বহুসংখ্যক লোকে নিশালৈকে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, জয়ন্ত হাজৰিকা, সূৰ্য দাসকে ধৰি ৰাভা ভাষাৰ গীত মাত পৰিৱেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/02/whatsapp-imageat-2026-01-02-23-29-57.jpeg)
দুপৰীয়াৰ ভাগত হানাঘোৰা নৃত্য,বড়ো,চাহ জনগোষ্ঠীৰ নৃত্য, ৰাভা, গাৰো নৃত্যকে ধৰি বিহু আদি পৰিৱেশন কৰা হয়। বিপৰীতে চানডুবি উৎসৱৰ বাণিজ্য মেলাত দৰ্শকৰ উপস্থিতি পৰিলক্ষিত হয় যদিও বিক্ৰীৰ সংখ্যা বৃদ্ধি পোৱা নাই বুলি কয় একাংশ ব্যৱসায়ীয়ে। এই চানডুবি উৎসৱত সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা যুৱ লেখকৰ বঁটা ধনমনি দাস, প্ৰগতিশীল লেখক তথা বন্যবন্ধু'ৰ সম্পাদক দীপাংকৰ ঠাকুৰীয়া, অসমৰ এগৰাকী প্ৰতিষ্ঠিত কবি জুণমনি দাসকে ধৰি বহু বিশিষ্ট লোকৰ সমাগম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us