/asomiyapratidin/media/media_files/2026/03/08/mirza-booklsss-2026-03-08-18-57-19.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ মিৰ্জা জামৰতলস্থিত মালিয়াটা অফছেট প্ৰেছ চৌহদত দেওবাৰে পলাশবাৰীৰ কবি কৈলাশ কুমাৰ দাসৰ ষষ্ঠখন কাব্যগ্ৰন্থ মিতুৰ কবিতা-৬, “আজি আপোনাৰ সৈতে মুখামুখি হ’ম" উন্মোচন কৰে বিশিষ্ট ব্যংগ লেখক, সাহিত্যিক,সমালোচক মায়াৰাম দাসে।
তেওঁ কয়- সাম্প্ৰতিক কালৰ এজন লেখত ল’বলগীয়া কবি কৈলাশ কুমাৰ দাস ওৰফে মিতু। মিৰ্জাৰ মালিয়াটা অফছেট প্ৰেছে প্ৰকাশ কৰা গ্ৰন্থখনত কবি মিতুৰ সত্তৰটা ভিন্নধৰ্মী কবিতাৰ লগতে বিভিন্নজনৰ সমালোচনা আৰু প্ৰখ্যাত সংগীত শিল্পী ইবছন লাল বৰুৱাৰ আগকথা সন্নিৱিষ্ট আছে।
এই উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট প্ৰগতিশীল সাহিত্যিক মইনা গোস্বামীয়ে মিতুৰ কবিতাৰ যোগাত্মক দিশসমূহৰ বাখ্যা কৰে। আন এগৰাকী লেখক সুৰেশ কলিতাইও মিতুৰ কবিতাক প্ৰশংসা কৰে।
প্ৰকাশন গোষ্ঠীৰ হৈ মনোজ কুমাৰ দাস আৰু লেখক কুশল কুমাৰ উপস্থিত থাকি কবিৰ আন আন গ্ৰন্থকেইখনৰ দৰে পাঠক ৰাইজে এই কাব্যগ্ৰন্থখনো আন্তৰিকতাৰে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে। আনহাতে আজিৰ এই উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে সাংস্কৃতিক কৰ্মী কমল কুমাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us