ৰাইজক টুপী দি মৌ-পালনৰ ধন সৰকালে বনবিভাগে

গুৱাহাটী মহানগৰী তথা পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বনগাঁও ছাটাৰগাঁৱৰ এটি জলপ্ৰপাতৰ সৌন্দৰ্য্য বৰ্ধন আৰু ৰাইজক মৌ- পালনেৰে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে বন বিভাগে ঘোষণা কৰিছিল এখন ২০ লাখ টকীয়া আঁচনি।

author-image
Asomiya Pratidin
New Update
614

ডিজিটেল সংবাদ, মিৰ্জা : গুৱাহাটী মহানগৰী তথা পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বনগাঁও ছাটাৰগাঁৱৰ এটি জলপ্ৰপাতৰ সৌন্দৰ্য্য বৰ্ধন আৰু ৰাইজক মৌ- পালনেৰে স্বাৱলম্বী কৰি তুলিবৰ কাৰণে বন বিভাগে ঘোষণা কৰিছিল এখন ২০ লাখ টকীয়া আঁচনি। কিন্তু সেই ঘোষণাৰ অৰ্থাৎ ২০ লাখ টকাৰ এটকাও নাপালে ৰাইজে।

অৱশ্যে ৫ লাখ টকাৰে এগৰাকী ঠিকাদাৰে গাঁওখনৰ দুখীয়া ৰাইজৰ উন্নতিৰ বাবে মৌ পালনৰ ব্যৱস্থা কৰিবলৈ ১২৫ টা বাকছ দি দায়িত্ব সামৰে। কিন্তু ৰাইজে আজিলৈ মৌ-মাখি পাবলৈ সক্ষম নহ'ল। আনকি এই বাকছবোৰ যতে ততে পৰি থাকি ভাঙি চিঙি যাবলৈ ধৰিছে যদিও বনবিভাগৰ কোনো খা খবৰ নাই।

লগতে ঠিকাদাৰৰো খবৰ নাই। ৰাইজে জনোৱা মতে, এই বাকচ কেইটাৰ মূল্য ৫ লাখ হে যেন হ'ল। এনেকৈয়ে ৰাইজক বন বিভাগে ঠগিলে বুলি একাংশই অভিযোগ উত্থাপন কৰে।

WhatsApp Image 2026-01-11 at 12.02.27 PM

আনহাতে গাহৰি পালনৰ নামত বনবিভাগে যোৱা ডিচেম্বৰ মাহত প্ৰায় ৬০টা গাহৰি পুৰুষ আৰু মহিলাৰ গোটক প্ৰদান কৰে। কিন্তু এই গাহৰিবোৰ উন্নত জাতৰ নোহোৱাত গাহৰি দিয়াৰ পিছৰ পৰাই মৰিবলৈ আৰম্ভ কৰে। আনকি এই গাহৰিবোৰ পুহিবলৈ কোনো ব্যবস্থা গ্রহণ কৰি নিদিলে।

উল্লেখ্য যে, এই গাঁওখনৰ দুখীয়া ৰাইজৰ উন্নতিৰ বাবে বন বিভাগে মৌ পালন,গাহৰি পালন আদি বিভিন্ন ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বন বিভাগৰপৰা জেএফএমচিৰ জড়িয়তেই এই ২০ লাখ টকাৰ ঘোষণা কৰিছিল। সেইমৰ্মে বনবিভাগ আৰু ছাটাৰগাঁও জেএফএমচিৰ সভাপতি ৰমেশ ৰাভাৰ নামত এটি যুটীয়া বেংক একাউণ্ট খোলা হৈছিল। কিন্তু অঞ্চলটোৰ ৰাইজে আজিলৈ এই জলপ্ৰপাতৰ সৌন্দৰ্য্য বৰ্ধনৰ নামত ঘোষণা দিয়া ১৫ লাখ টকা নাপালে।

এনে ঘটনাই অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনেকৈয়ে চৰকাৰে অঞ্চলটোৰ ৰাইজৰ উন্নয়নৰ নামত ফটা ঢোল বজাই আহিছে বুলি উল্লেখ কৰে। ইপিনে একাংশ লোকে কোৱামতে এই গাঁওখনত যোৱা ২০২১-২২ বৰ্ষত জিলা পৰিষদৰ সদস্য ৰবীন দৈমাৰীয়ে এটি কালভাৰ্ট নিৰ্মাণ কৰিছিল যদিও সেয়াও জহি ঘহি যাবলৈ ধৰিছে। কিয়নো ঠিকাদাৰে নিম্নমানৰ শিল বালি চিমেন্ট ব্যৱহাৰ কৰি এই কালভাৰ্ট নিৰ্মাণ কৰাত এনে ঘটনা সংঘটিত হোৱা বুলি ৰাইজে কয়।

WhatsApp Image 2026-01-11 at 12.02.25 PM

গুৰুত্বপূৰ্ণ যে,বৃট্টিছৰ শাসনকালতে এই গাঁওখন ৰাণীৰ বাহুপাৰা,আদি বিভিন্ন অঞ্চলৰ পৰা অহা ৰাভা সম্প্ৰদায়ৰ লোকেৰে স্থাপন কৰা হয়। কিন্তু বন গাঁও হিচাপে খ্যাতি থকা গাঁওখনৰ উন্নয়নৰ বাবে বন বিভাগে আজিলৈ বিশেষ একোৱেই নকৰিলে। বিপৰীতে এই আচঁনিৰ নামত ঠগিলেহে বনবিভাগে।

এই ঘটনা সন্দৰ্ভত পূৱ কামৰূপ বন সংমণ্ডলৰ বনবিভাগৰ এগৰাকী বিষয়া মনোৰঞ্জন বৰ্মণে কয়- এই আঁচনিখনৰ কাম সদ্যহঁতে বন্ধ ৰাখিছে বনবিভাগে। আনহাতে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ৰোজী বৰ্মনে কয়-এই আঁচনিৰ কাম পৰ্যায়ক্ৰমে হ'ব। ৰাইজে নিশ্চিয়কৈ অলপ ধৈৰ্য ধৰিব লাগিব। আনহাতে বনবিভাগৰ এই সমস্ত প্ৰতাৰণা প্ৰৱঞ্চনাৰ ঘটনাৰ বাবে ক্ষোভ প্ৰকাশ কৰে সদৌ অসম কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাসে।

তেওঁ কয়-যদি এই আঁচনিৰ পৰা ৰাইজৰ একো কামেই নহয় বা মৌ মাখি আদি নাপায়েই তেতিয়াহ'লে বনবিভাগে কিয় ৰাইজক হাৰাশাস্তি কৰে। কিয় ৰাইজৰ সময় অনিষ্ট কৰি এই মৌ পালন বা গাহৰি পালনৰ নামত ৰাইজক ঠগিলে। বনবিভাগে বন গাঁৱক উন্নয়ন কৰাৰ এয়াই নেকি নমুনা। মুঠতে অঞ্চলটোৰ ৰাইজক বনবিভাগ,জিলা পৰিষদ সকলোয়ে প্ৰতাৰণা প্ৰৱঞ্চনা কৰিলে। কিন্তু খবৰ ৰাখিবলৈ বন বিভাগ,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,জিলা পৰিষদৰ সদস্য ৰবীন দৈমাৰীৰ কাণসাৰ নাই। ফলত অঞ্চলটোৰ ৰাইজে কপালক ধিয়াই পাৰ কৰিছে সময়।

প্ৰশ্ন হয়-চৰকাৰৰ বনবিভাগ,বিধায়ক,জিলা পৰিষদৰ ছাটাৰগাঁৱৰ দৰে বন গাৱঁৰ উন্নয়ন কৰাৰ এয়াই নমুনা নেকি। আনহাতে ৰাভা হাছাং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত এই ছাটাৰগাঁওখনি মহানগৰীৰ কাষত থাকিও সকলো পিনৰ পৰাই বঞ্চিত হৈ আছে। এই অঞ্চলটোলৈ দুবাৰ মান গৈ সৰু সুৰা কাম কৰিয়ে দি দায়িত্ব সামৰিছে ৰাভা হাছঙ স্বায়ত্ত শাসিতপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।

তেওঁ এই অঞ্চলটোৰ জীৱন জীৱিকাৰ বাবেই যেন একোৱেই চিন্তা নকৰিলে। মহানগৰীৰ কাষত থকা স্বত্বেও আজিলৈ এই গাঁওখনত নাই বৈদ্যুতিক সংযোগ। অথচ চল্লিশ হাজাৰ ভল্টৰ বিদ্যুতৰ পৰিবাহী তাৰ এই অঞ্চলটোৰ ওপৰেৰে গোৱালপাৰা আদি ঠাইলৈ নিয়া হৈছে। সন্ধিয়া হলেই অন্ধকাৰত অঞ্চলটো বুৰ যায়। অৱশ্যে এতিয়া একাংশ লোকে সৌৰ শক্তিৰ সহায়ত ঘৰত পোহৰ পাইছে যদিও সেয়া সঘনাই বিকল হয়। মোবাইল নেটৱৰ্কো পাবলৈ নাই।

ফলত জৰুৰী ৰোগীৰ ক্ষেত্ৰত এম্বুলেন্স মাতিবলৈ ৰাইজে বহুদূৰলৈ আহিব লগীয়া হয়। তাকো নিতৌ চলি থকা হাতী মানুহৰ সংঘাতত ৰাইজে ত্ৰাহিমদূসুদন দেখিছে। যাৰ বাবে ৰাইজে খেতিবাতি বাদ দিবলগীয়া হৈছে। সেয়ে জীৱন জীৱিকা চলাই যাবলৈ পাহাৰৰ মাজে মাজে আঠ দহ কিলোমিটাৰ দূৰৰ ঠাইলৈ বজাৰ সমাৰ কৰিবলৈ যোৱাৰ লগতে আন উদ্যোগ বা দিন হাজিৰা কৰি চলিব লগীয়া হৈছে ৰাইজে।

মুঠতে স্বাধীনতাৰ পূৰ্বে এই অঞ্চলটোত বসবাস কৰি অহা ৰাইজক এইদৰে সকলো পিনৰ পৰাই অন্ধকাৰত ৰাখিছে চৰকাৰ তথা বনবিভাগে। বনগাঁওৰ স্বীকৃতি লাভ কৰাৰ পিচতো বনবিভাগে উন্নয়নৰ নামত এইদৰে কেৱল ঠগি আহিছে ৰাইজক। ৰাইজৰ এয়াই বিকাশ। কেৱল শ্ল'গান,বিজ্ঞাপনত চলিছে ছাটাৰগাঁৱৰ দৰে অনেক ঠাইৰ উন্নয়নৰ ফটো ঢোল।।

মিৰ্জা