/asomiyapratidin/media/media_files/2026/01/05/gergwreghoi-2026-01-05-13-26-32.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ শেহতীয়াকৈপলাশবাৰী আৰু ৰাণীৰ বিভিন্ন প্ৰান্তত শিল, মাটিভৰ্তি ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। এই শিল আৰু মাটি ভৰ্তি ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্যত অঞ্চলবোৰৰ ৰাস্তা, ঘৰ বাৰী ধূলি-বালিৰ প্ৰকোপ বৃদ্ধি পাইছে। এই সমস্যাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসন তথা বনবিভাগে আজিলৈ কোনো ব্যবস্থাগ্রহণ কৰিবলৈ সক্ষম হোৱা নাই।
ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্যত অঞ্চলটোৰ জন জীৱন সম্পূৰ্ণৰূপে বিপদাপন্ন হৈ পৰাই নহয় পথচাৰীয়ে এই দৌৰাত্ম্যৰ ফলত অঘটন ঘটাৰো খবৰ আহিছে। প্ৰতিযোগিতামূলক ভাৱে চলা এই ট্ৰাক ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বাবে ৰাইজে শিক্ষানুষ্ঠান খোলাৰ সময়ত এই দৌৰাত্ম্য বন্ধৰ দাবী জনাই আহিছে। কিন্তু কাণসাৰ নাই মালিকপক্ষ তথা আৰক্ষী প্ৰশাসনৰ।
কামৰূপ জিলা প্ৰশাসনে এই যানবাহনৰ দৌৰাত্ম্যৰ ৰোধৰ বাবে পদক্ষেপ হাতত লোৱাৰ ঘোষণা কৰি আহিছে যদিও আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল। বিশেষকৈ আৰক্ষী প্ৰশাসন তথা বন বিভাগক মেনেজ কৰি পূৱ আৰু পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তৰ পৰা কৌশল অৱলম্বন কৰি ট্ৰাক- ডাম্পাৰেৰে খোলাকৈ মাটি কঢ়িয়াই অনাত এই বাহনবোৰৰ পৰা উৰি অহা ধূলি বালি মাটি আদিয়ে ৰাইজক বিপাঙত পেলাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/05/whatsapp-image-2026-01-05-13-26-17.jpeg)
বৰ্তমান দক্ষিণ কামৰূপৰ সাতপখলী পাৰাকুছি কল্লাপাৰা গোসাঁইহাট বঙৰালৈ নিৰ্মাণ কৰি থকা নতুন ৰাষ্ট্ৰীয় ঘাই পথত অবাধ হাৰত চলা ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্যত ৰাইজ অতিষ্ঠ হৈ পৰিছে। খবৰমতে,আনকি নিশাৰ ভাগতো ব্ৰহ্মপুত্ৰৰ বালি কঢ়িয়াই অনা ট্ৰাক-ডাম্পাৰে ৰাইজক বিপাঙত পেলাইছে। ৰাইজে সেয়ে এই ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণত ৰাখি চলাৰ বাবে কৈ আহিছে যদিও কামত অহা নাই।
এই মাটি-শিলভৰ্তি ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে। আনকি চানডুবি, কুলশী, বাৰেগাঁও, ৰাণী খামাৰ, উকিয়াম আদি বনভোজস্থলীলৈ অহা একাংশ যান বাহনৰ দৌৰাত্ম্যৰ ফলতো পথচাৰী বিপাঙত পৰিছে। পিছে ইমানৰ পিছতো খবৰ নাই আৰক্ষী প্ৰশাসনৰ। যাৰবাবে সঘনাই মিৰ্জা চানডুবি, উকিয়াম পথত দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us