নতুন কমিটী গঠনক লৈ অসন্তুষ্ট মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰঃ গৌৰৱ গগৈলৈ লিখিলে পত্ৰ

অসম বিধান সভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ প্ৰায় ৫ মাহ থকাৰ সময়তে হঠাৎ সলনি হ'ল অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ কমিটী। এই নতুন কমিটীৰ সভানেত্ৰীৰ পদত পুনৰ মীৰা বৰঠাকুৰ।

author-image
Asomiya Pratidin
New Update
web ap mira

ডিজিটেল ডেস্কঃ অসম বিধান সভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ প্ৰায় ৫ মাহ থকাৰ সময়তে হঠাৎ সলনি হ'ল অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ কমিটী।  সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাই এক নিৰ্দেশনাৰ জৰিয়তে নতুনকৈ গঠন কৰা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ৪৪ জনীয়া পূৰ্ণাংগ কমিটীৰ সভানেত্ৰী হিচাপে পুনৰ মীৰা বৰঠাকুৰকে দায়িত্ব দিছে যদিও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মীৰা বৰঠাকুৰে। মহিলা কংগ্ৰেছৰ নতুন কমিটী গঠনৰ এই গোটেই প্ৰক্ৰিয়াই কংগ্ৰেছৰ আভ্যন্তৰীণ বিশৃংখলতা আৰু নেতৃত্বৰ দূৰদৰ্শিতাৰ সন্দৰ্ভত বহু বিষয়েই স্পষ্ট কৰিছে। 

মীৰা বৰঠাকুৰকেই পুনৰ এই নতুন কমিটীৰ সভানেত্ৰী হিচাপে দায়িত্ব দিলেও তেওঁ নতুন কমিটী গঠনৰ বিৰোধিতা কৰাই নহয়, এই বিষয়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰো তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে। বৰঠাকুৰে অভিযোগ কৰিছে তেওঁৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ, কোনো পৰামৰ্শ গ্ৰহণ নকৰাকৈ একপক্ষীয়ভাৱে এই নতুন কমিটী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

গৌৰৱ গগৈলৈ লিখা এখন পত্ৰত তেওঁ অভিযোগ কৰি কয়,  নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচ মাহ বাকী থকা সময়ত এনে একপক্ষীয় সিদ্ধান্তই মনোবল ভংগ কৰাৰ লগতে কৌশলগত দিশটোৰ বাবেও ই ক্ষতিকাৰক। তেওঁ কয়, কেৱল সদস্য ভৰ্তিৰ আধাৰত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটী পুনৰগঠন কৰা হৈছে, যি কোনো ক্ষেত্ৰতে ন্যায়সংগত নহয়। কেৱল সংখ্যাই নেতৃত্বৰ শক্তি বা ৰাজনৈতিক সক্ষমতাক প্ৰতিফলিত নকৰে। 

তেওঁ অনুৰোধ কৰি কয়, নিম্ন পৰ্যায়ত অক্লান্ত পৰিশ্ৰম কৰা কৰ্মীসকলক সন্মান জনাই নতুন কমিটী গঠনৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি পূৰ্বৰ কমিটীকে পুনৰ বাহাল ৰাখিব লাগে। এই সিদ্ধান্তই মহিলা কংগ্ৰেছৰ নেতৃসকলৰ মাজত গভীৰ অসন্তুষ্টি সৃষ্টি কৰিব পাৰে আৰু তাৰ ফলত পদত্যাগৰ ঢৌ উঠাৰ সম্ভাৱনা আছে বা কৰ্মীসকলৰ মনোবল হ্ৰাস পাব পাৰে। এনে হ'লে ইয়াৰ দায়িত্ব যিসকলে আলোচনা নকৰাকৈ এই নতুন কমিটী গঠনৰ সিদ্ধান্ত লৈছিল তেওঁলোকৰ ওপৰতে পৰিব বুলিও সকিয়াই দিয়ে। 

মীৰা বৰঠাকুৰে পত্ৰখনত আৰু কয়, যিসময়ত বিজেপিয়ে বিভিন্ন কল্যাণমূলক আঁচনিৰে মহিলাসকলক আকৰ্ষণ কৰাৰ বাবে সক্ৰিয়ভাৱে চেষ্টা কৰি আছে, সেই সময়ত আমাৰ সংগঠনৰ মহিলা শাখাত এনে ভিতৰুৱা বিভ্ৰান্তি সৃষ্টিৰে দলটোক দুর্বল কৰাৰ বাৰ্তা দিয়াৰ বিষয়টো একেবাৰেই অনুচিত। এই সংকটৰ সময়ছোৱাত দলটোৰ ঐক্য আৰু সমন্বয় অতি গুৰুত্বপূৰ্ণ।

মহিলা কংগ্ৰেছ মীৰা বৰঠাকুৰ গৌৰৱ গগৈ