মুখ্যমন্ত্ৰীৰ পত্নীয়ে বক্ৰ পথেৰে পৰ্বতসম সম্পত্তিৰ গৰাকী হৈ পৰিছেঃ মীৰা বৰঠাকুৰ

ঢকুৱাখনা আৰু ঘিলামৰা ব্লক মহিলা কংগ্ৰেছৰ সহযোগিতাত ঘিলামৰাৰ গা-ডাঙৰচুকত অনুষ্ঠিত এক বিশাল মহিলা সমাৰোহত উপস্থিত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ।

author-image
Asomiya Pratidin
New Update
ythrtyr8i hgoi u

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা আৰু ঘিলামৰা ব্লক মহিলা কংগ্ৰেছৰ সহযোগিতাত  ঘিলামৰাৰ গা-ডাঙৰচুকত অনুষ্ঠিত এক বিশাল মহিলা সমাৰোহত উপস্থিত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই সমাৰোহত ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ কেইবা শতাধিক মহিলা কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে । 

WhatsApp Image 2026-02-06 at 6.27.34 PM

"মাটি চোৰ হায় হায় , ছিণ্ডিকেটৰ দালাল বিজেপি হায় হায় ,গৰু চোৰ হায় হায় , দেশতকৈ মামী ডাঙৰ নহয় আদি শ্ল'গান দি ভাষণ প্ৰদান কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে- শৰাইঘাটৰ ৰণত অসমৰ অস্তিত্ব ৰক্ষাৰ শেষ ৰণত বীৰ লাচিত বৰফুকনে কৈছিল "দেশতকৈ মোমাই ডাঙৰ নহয়"। থিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত মুখ্যমন্ত্ৰীৰ পত্নীয়ে নামে বেনামে আহৰণ কৰা বিশাল সম্পত্তি  দেখি আমি কৈছো দেশতকৈ মামী ডাঙৰ নহয় । কাৰণ মুখ্যমন্ত্ৰীৰ পত্নীয়ে জলাশয় মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি বেদখলেৰে  ২২ তাৰকা যুক্ত আন্তৰাষ্ট্ৰীয় বিদ্যালয় পাতিছে। অথচ ৰাজ্যখনৰ ৮ হাজাৰখন চৰকাৰী খণ্ডৰ বিদ্যালয় স্থায়ী ভাবে বন্ধ কৰি দিয়া হৈছে। যি সময়ত ৰাজ্যখনৰ মহিলা সকলে দৈনিক ৪১ টকা আৰু মাহিলী ১২৪০ টকাৰ লোভত মূৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰিছে,মূর্ছা গৈ,মৃত্যুক সাৱটিছে, তেনেসময়ত মুখ্যমন্ত্ৰীৰ পত্নীয়ে বক্ৰ পথেৰে পৰ্বতসম সম্পত্তিৰ গৰাকী হৈ পৰিছে।

WhatsApp Image 2026-02-06 at 6.30.11 PM

আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বুজাই দিব বিচাৰিছো সজাগ আৰু সচেতন কৰিব বিচাৰিছো সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ সন্তানে অধ্যয়ন কৰিব নোৱাৰা এই ২২তাৰকা যুক্ত বিদ্যালয়ৰ প্ৰয়োজন আছে নে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বন্ধ হৈ থকা ৮হাজাৰ চৰকাৰী বিদ্যালয় পুনৰ খোলাৰ প্ৰয়োজনীয়তা আছে ? এহাতে চৰকাৰী বিদ্যালয় স্থায়ী ভাবে বন্ধ কৰিছে অন্যহাতে যুৱ প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ কৰি মদ ,ড্ৰাগছৰ অবৈধ বেহা পাতিছে এইখন চৰকাৰে । এনে ভয়ংকৰ ভৱিষ্যত দেখি শুনিও কিয় মাতৃ সমাজে আন্দোলন কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে । 

সমাগত ২০২৬ ৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে মহিলা সকলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰা,সজাগতা অনাৰ বাবে অনুষ্ঠিত কৰ্মী সভাত  বৰঠাকুৰে অহা ৮ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ পাকিস্তানী লিংক ফ্লপ শ্ব' হ'ব বুলি কয়। লগতে কয়  মহা মূৰ্খয়ো গম পাই গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক নাই । যদি আছে তেন্তে গৃহমন্ত্ৰী অমিত শ্বাহ ব্যৰ্থ । তেওঁ কয় যে- হিমন্ত বিশ্ব শৰ্মাই দেখিছে তেওঁৰ সকলো সম্পত্তিৰ পাহাৰ কংগ্ৰেছৰ হাতত। তাক ৰাইজৰ মাজত তথ্য সহ দেখুৱাই দিয়াত কেইটামান সৰু লৰা লগাই গৌৰৱ গগৈ গ বেক ধ্বনি দিয়াইছে । অসমৰ ৰাইজক লুটি আহৰণ কৰা অগাধ ধন সম্পত্তি আমি অসমৰ ৰাইজক দেখুৱাই যাম আৰু তেওঁলোকে আমাক গ বেক দি যাওক।"

লখিমপুৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী হাফিজা বেগম  সভাপতিত্বত অনুষ্ঠিত সমাৰোহত সাংগঠনিক দিশত বক্তব্য আগবঢ়াই ঢকুৱাখনা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীনাক্ষী গোঁহাইয়ে।ঘিলামৰা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰা সমাৰোহত  অসম  প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা  ৰাণী গগৈ,লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ পৰ্যবেশিকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা  দকচিনা দেৱী, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ , অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া ডঃ সুৰজিত দলে ,ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া ,ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া , ঢকুৱাখনা বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি  লক্ষ্য নাথ ঙাতে,  ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি  দেৱজিৎ হাজৰিকা আদি গৰিষ্ঠ সংখ্যক নেতা ,কৰ্মকর্তাৰ উপস্থিতিত সভানেত্ৰী বৰঠাকুৰ সহ ৰাজ্যিক নেতৃবৰ্গক আদৰি সম্বৰ্ধনা জনাই ব্লক মহিলা কংগ্ৰেছৰ লগতে অন্যান্য নেতৃবৰ্গই । কৰ্মী সভাতেই বহু কেইগৰাকী ব্যক্তিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

ঢকুৱাখনা