/asomiyapratidin/media/media_files/2026/01/18/e1327169-52dc-44e8-bbdf-305475148ea1-2026-01-18-21-14-10.jpeg)
ডিজিটেল ডেস্কঃ বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ দেহাৱসান। দেওবাৰে সন্ধিয়া প্ৰায় ৬.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বেহেলাবাদকগৰাকীয়ে। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত যোৱা ৪০ দিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল মিনিত খাউণ্ড।
বিশিষ্ট বেহেলাবাদকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। উল্লেখ্য যে, মিনতি খাউণ্ডে লোকসংগীতৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে। ২০২২ চনত তেওঁক সংগীত নাটক একাডেমী অমৃত বঁটা লাভ কৰিছিল।
১৯৪০চনত জন্মগ্ৰহণ কৰা মিনতি খাউণ্ডে ১০বছৰ বয়সতে ভৰি দিছিল সংগীত জগতত। তেখেতৰ আইতাই প্ৰথমবাৰৰ বাবে তেওঁক এটা বেহেলা উপহাৰ দিছিল। আৰু তাৰপিছত তেওঁ যোৰহাটৰ দৰ্পনাথ শৰ্মা সংগীত বিদ্যালয়ত গুৰু ইন্দ্ৰেশ্বৰ শৰ্মাৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।
১৯৭২চনত মিনতি খাউণ্ডে এটা এক অনুষ্ঠানত বেহেলা বাদন কৰাৰ পিছত দিগ্বজ বেহেলা বাদক পণ্ডিত ভি জি যোগৰ দৃষ্টিত পৰিছিল। মিনতি খাউণ্ডে তাৰপিছৰে পৰা দিগ্বজ বেহেলা বাদকগৰাকীৰ পৰা বেদেলা বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us