গৌৰীপুৰত অপহৰণকাণ্ডঃ নাবালিকাৰ পৰিয়ালক কৰি ধন দাবী যুৱকৰ

গৌৰীপুৰৰ গেৰামাৰীৰ দ্বিতীয় খণ্ড গাঁৱত ৩ দিন পূৰ্বে আবেলি প্ৰায় ৬ঃ৩০ বজাত নাবালিকা গৰাকীক মলাতীখামাৰৰ আনাৰুল হক নামৰ এজন যুৱকে অপহৰণ কৰি ফোন যোগে ধন দাবী কৰাৰ অভিযোগ কৰিছে অপহৃতৰ পিতৃ-মাতৃয়ে। 

author-image
Asomiya Pratidin
New Update
AP WEB 3 (3)

ডিজিটেল সংবাদ,গৌৰীপুৰঃ   গেৰামাৰী দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হৈছে অপহৰণৰ ঘটনা। এগৰাকী নাবালিকাক অপহৰণ কৰি অপহৰণকাৰীয়ে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে।

জানিব পৰা মতে, গৌৰীপুৰৰ গেৰামাৰীৰ দ্বিতীয় খণ্ড গাঁৱত ৩ দিন পূৰ্বে আবেলি প্ৰায় ৬ঃ৩০ বজাত নাবালিকা গৰাকীক মলাতীখামাৰৰ আনাৰুল হক নামৰ এজন যুৱকে অপহৰণ কৰি ফোন যোগে ধন দাবী কৰাৰ অভিযোগ কৰিছে অপহৃতৰ পিতৃ-মাতৃয়ে। 

উল্লেখ্য যে, এই সংক্ৰান্তত গৌৰীপুৰ থানাত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও তিনিদিন ওকলি যোৱাৰ পিছতো আজিকোপতি গৌৰীপুৰ আৰক্ষীয়ে ভুক্তভোগীৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। 

আজি ভুক্তভোগী পৰিয়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কান্দি কান্দি নিজ কন্যাক উদ্ধাৰ কৰাত সহায় কৰিবলৈ কাতৰ অনুৰোধ জনায়।

গৌৰীপুৰ অপহৰণ কাণ্ড