/asomiyapratidin/media/media_files/2025/11/17/whatsapp-ima-2025-11-17-18-32-58.jpeg)
ডিজিটেল ডেস্কঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে ছপা মাধ্যমত বিজ্ঞাপনৰ হাৰ ২৬% বৃদ্ধিৰ অনুমোদন জনাইছে। বাতৰি কাকতৰ প্ৰতি এক লাখ কপিৰ বাবে ব্লেক এণ্ড হোৱাইট বিজ্ঞাপনৰ প্ৰতি বৰ্গ চেণ্টিমিটাৰৰ হাৰ ৪৭.৪০ টকাৰ পৰা ৫৯.৬৮ টকালৈ বৃদ্ধি কৰা হৈছে, যিটো ২৬% বৃদ্ধি।
চৰকাৰে লগতে ৰঙীন বিজ্ঞাপন, অগ্ৰাধিকাৰ ভিত্তিত স্থান (preferential positioning) আদিৰ বাবে আগবঢ়াবলগীয়া প্ৰিমিয়াম হাৰৰ সৈতে জড়িত সমিতিৰ পৰামৰ্শসমূহতো সন্মতি জনাইছে।
উল্লেখ্য যে, ২০১৯ চনত শেষবাৰৰ বাবে এই হাৰ বৃদ্ধি কৰা হৈছিল, তেতিয়া ২৫% বৃদ্ধি কাৰ্যকৰী কৰা হৈছিল। সেই সময়ত আই এণ্ড বি মন্ত্ৰালয়ে কৈছিল যে এই সিদ্ধান্ত কেইবাটাও কাৰকৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে। যেনে- বাতৰি কাকতৰ মূল্য বৃদ্ধি, প্ৰচেছিং চাৰ্জ আৰু অন্যান্য কাৰক যিবোৰ বিজ্ঞাপনৰ হাৰ গণনাৰ ক্ষেত্ৰত লোৱা যায়। এই হাৰ বৃদ্ধিয়ে ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতসমূহক বিশেষভাৱে লাভৱান কৰিব।
ইফালে, সূত্ৰটোৱে জনোৱা মতে, চৰকাৰে টেলিভিছন চেনেলসমূহৰ বাবে টি আৰ পি ৰেটিং এজেন্সীৰ গাইডলাইনৰ ওপৰতো কাম কৰি আছে, প্ৰথম ৰাউণ্ডৰ পৰামৰ্শ সম্পূৰ্ণ হৈছে। শীঘ্ৰে দ্বিতীয়খন পৰামৰ্শ পত্ৰ প্ৰকাশ পাব বুলি জানিব পৰা গৈছে।
একে সময়তে মন্ত্ৰালয়ে ভাৰতৰ বাতৰি কাকতৰ পঞ্জীয়ক, প্ৰেছ তথ্য ব্যুৰো আৰু কেন্দ্ৰীয় যোগাযোগ ব্যুৰোক একত্ৰিত কৰি সমন্বয় আৰু সংবাদ মাধ্যমৰ প্ৰচাৰ উন্নত কৰাৰ বাবে কাম কৰি আছে।
ইফালে, আই এণ্ড বি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে উন্নত গৱেষণা কৰিব বিচৰা সাংবাদিকসকলক ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনত ১০০খন পাৰ্ট টাইম পি এইচ ডি আসন প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (CBC) হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ এক নডেল মিডিয়া গোট, যি ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগৰ হৈ ছপা মাধ্যমকে ধৰি বিভিন্ন মিডিয়া বাহনত প্ৰচাৰ অভিযান চলায়।
এইসমূহৰ বাবে CBC ৰ সৈতে এমপেনেল কৰা হয়। ছপা মাধ্যমত CBC ৰ দ্বাৰা বিজ্ঞাপন মুকলিৰ হাৰসমূহ মন্ত্ৰালয়ে শেষবাৰৰ বাবে অষ্টম হাৰ গাঁথনি সমিতি (8th Rate Structure Committee - RSC)ৰ পৰামৰ্শৰ ভিত্তিত ০৯.০১.২০১৯ তাৰিখে সংশোধন কৰিছিল, যিবোৰ তিনি বছৰৰ বাবে বৈধ আছিল।
ছপা মাধ্যমত চৰকাৰী বিজ্ঞাপনৰ হাৰ সংশোধন সম্পৰ্কে পৰামৰ্শ আগবঢ়াবলৈ এএছএণ্ডএফএ (আই এণ্ড বি)ৰ অধ্যক্ষতাত নৱম হাৰ গাঁথনি সমিতি (9th Rate Structure Committee)খন ২০২১ চনৰ ১১ নৱেম্বৰত গঠন কৰা হৈছিল।
২০২১ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ আগষ্টৰ ভিতৰত সমিতিৰ কাৰ্য্যকালত ইণ্ডিয়ান নিউজপেপাৰ চচাইটি (INS), অল ইণ্ডিয়া স্মল নিউজপেপাৰ্ছ এছোচিয়েচন (AISNA), সৰু-মধ্যম-ডাঙৰ বাতৰি কাকত সমিতি (SMBNS) আৰু আন আন অংশীদাৰকে ধৰি সৰু, মধ্যম আৰু ডাঙৰ শ্ৰেণীৰ বাতৰি কাকতৰ বিভিন্ন বাতৰি কাকত সংস্থাৰ প্ৰতিনিধিত্বসমূহ বিবেচনা কৰা হয়।
সমিতিখনে ছপা মাধ্যমত বিজ্ঞাপনৰ হাৰৰ ওপৰত প্ৰভাৱ পেলোৱা বিভিন্ন মাপকাঠী, যেনে নিউজপ্ৰিণ্টৰ ক্ষেত্ৰত WPI মুদ্ৰাস্ফীতি, মজুৰি, মুদ্ৰাস্ফীতিৰ হাৰ, আমদানি কৰা নিউজপ্ৰিণ্টৰ মূল্যৰ প্ৰৱণতা, প্ৰক্ৰিয়াকৰণ ব্যয় (processing cost), আদিৰ ওপৰতো আলোচনা কৰে। সমিতিখনিয়ে ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰত নিজৰ পৰামৰ্শসমূহ দাখিল কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us