/asomiyapratidin/media/media_files/2025/09/17/modi-17-2025-09-17-18-17-03.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ জীৱনৰ আধাৰত নিৰ্মিত এখন ছবি একেৰাহে ১৭ দিনলৈ বিদ্যালয়ত প্ৰদৰ্শন কৰা হ’ব। ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী মোডীৰ শৈশৱৰ সময়ছোৱাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ‘চ’লো জীতে হ্যে’শীৰ্ষক এই ছবিখন চাই ছাত্ৰ-ছাত্ৰীসকল অনুপ্ৰাণিত হব বুলি আশা কৰা হৈছে।
শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে চি বি এছ ইক বিদ্যালয়সমূহত এই ছবিখন প্ৰদৰ্শন কৰিবলৈ। একেসময়তে কেন্দ্ৰই কে ভি এছ, নবোদয় বিদ্যালয় সমিতিকো এই ছবিখন প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই ছবিখনত প্ৰধানমন্ত্ৰী মোডীৰ শৈশৱৰ বিভিন্ন ঘটনাৰ ওপৰত আলোকপাত কৰা হৈছে।
১৭ ছেপ্তেম্বৰৰ মোডীৰ ৭৫ সংখ্যক জন্মদিনটোৰ দিনৰ পৰা অহা ২ অক্টোবৰলৈ এই বিদ্যালয়সমূহত ছবিখন প্ৰদৰ্শিত হ’ব। কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি, "এই ছবিখনে শিশুসকলক চৰিত্ৰ গঠন, সেৱা আৰু দায়িত্বৰ বিষয়ে জ্ঞান দিব। তাৰোপৰি সামাজিক-মনোবৈজ্ঞানিক শিক্ষা, সহানুভূতি, আত্মচিন্তাতো সহায় কৰিব।"
উল্লেখ্য যে আজি সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিন উদযাপন কৰা হৈছে। এই উপলক্ষে বুধবাৰৰ পৰা কেন্দ্ৰই ‘প্ৰেৰণা’ নামেৰে এক পৰীক্ষামূলক শিক্ষা অভিযান আৰম্ভ কৰিছে। এই অভিযান আৰম্ভ হৈছে গুজৰাটৰ ঐতিহাসিক ‘বদনগৰৰ বাৰ্নাকুলাৰ স্কুল’ৰ পৰা। প্ৰধানমন্ত্ৰীগৰাকী নিজেই এই বিদ্যালয়ৰ ছাত্ৰ আছিল।
‘প্ৰেৰণা’ অভিযানৰ অন্যতম অংশ হ’ল ‘চ’লো জীতে হ্যে’ ছবি প্ৰদৰ্শন। ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশৰ বিভিন্ন চিনেমা হলতো প্ৰদৰ্শিত হ’বলগীয়া এই ছবিখনে শ্ৰেষ্ঠ ‘নন-ফিচাৰ ফিল্ম’ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।