/asomiyapratidin/media/media_files/2025/06/07/JiMm8MWSoTrGPtY06K7v.jpg)
ডিজিটেল সংবাদ, কোপেনহেগেন : সম্প্রতি ডেনমার্ক ভ্ৰমণত থকা ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে বিভিন্ন গুৰুত্বপূর্ণ কাৰ্যসূচীৰ মাজতে কোপেনহেগেনত অৱস্থিত বিশ্বৰ সামুদ্রিক শিক্ষাৰ অন্যতম আগশাৰীৰ প্ৰাণকেন্দ্ৰ কোপেনহেগেন বিজনেছ স্কুল ভ্রমণ কৰে। লগতে স্কুলখনৰ ব্লু এম বি এ-ৰ প্ৰতিভাৱান অধ্যয়নকাৰীসকলৰ সৈতে মত বিনিময় কৰি সামুদ্রিক খণ্ডৰ বৰ্ধিত গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
ভাৰতৰ উর্ধগামী সামুদ্রিক তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডৰ উন্নয়নৰ বৃদ্ধিৰ কাহিনী, বিনিয়োগৰ সুযোগ, সেউজ জাহাজ পৰিবহণ, সামুদ্রিক সম্ভাৱনা আৰু নীল অর্থনীতি তথা পৰিৱেশ বিজ্ঞানৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ দিয়ে। এই বিশেষ অনুষ্ঠানৰ বাবে ডেনিছ মেৰিটাইমৰ জ্যেষ্ঠ বিষয়া, কোপেনহেগেন বিজনেছ স্কুলৰ অধ্যাপক আৰু সামুদ্রিক উদ্যোগৰ অগ্রণী ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা জনায় সোণোৱালে।
এই অনুষ্ঠানত সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে ডেনিছ মেৰিটাইম অথৰিটিৰ সঞ্চালক প্রধান ব্রায়ান ৱেছেল, বিজনেছ স্কুলখনৰ সহযোগী ডীন লিফ ক্রিষ্টেনচেন, ব্লু এম বি এ-ৰ অনুষ্ঠান সঞ্চালক আইৰিন ৰছবার্গ আৰু বিজনেছ স্কুলখনৰ প্ৰাক্তন ছাত্র-ছাত্রী। য'ত নোবেল কর্প'ৰেশ্যন, এম এ এন এনার্জি ছলিউচনছ, আমেৰিকান ব্যুৰো অৱ শ্বিপিং আৰু ব্যুৰো ভেৰিটাছৰ দৰে আগশাৰীৰ সংস্থাৰ দক্ষ পেছাদাৰী ব্যক্তিসকলো অন্তর্ভুক্ত।
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয়, "কোপেনহেগেন বিজনেছ স্কুল হৈছে বিশ্বৰ আগশাৰীৰ এখন শিক্ষানুষ্ঠান আৰু ব্লু এমবিএ পাঠ্যক্ৰমৰ অন্যতম হোতা। যিয়ে বিশেষকৈ সামুদ্রিক ক্ষেত্রত আগন্তুক নেতৃত্ব গঢ়ি তুলিবলৈ এক দিক্-নির্দেশক হিচাপে বিবেচিত।
মই ইয়াত উপস্থিত ছাত্র-ছাত্রীসকলৰ সৈতে মত বিনিময় কৰি অত্যন্ত উৎসাহী হৈছোঁ। ভাৰত আৰু ডেনমাৰ্কৰ মাজত দীঘলীয়া আৰু গঠনমূলক দ্বিপাক্ষিক সম্পর্ক আছে আৰু আমাৰ সামুদ্রিক অংশীদাৰিত্ব দিনে দিনে মজবুত হৈ উঠিছে।”
প্ৰণিধানযোগ্য যে, ব্লু এমবিএৰ দলৰ অনুষ্ঠানত উচ্চপদস্থ পেছাদাৰীসকলেও অংশ লৈছিল। তেওঁলোকে ভাৰতৰ সামুদ্রিক পৰিকাঠামোত বিনিয়োগৰ ক্ষেত্ৰ, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰু সেউজ জাহাজ পৰিবহণৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতিগত সুবিধাৰ বিষয়ে আগ্রহ প্রকাশ কৰে।
কোপেনহেগেন বিজনেছ স্কুলৰ অধ্যাপকসকলে ভাৰতৰ সামুদ্রিক নীতি সংস্কাৰ আৰু দক্ষিণ-পূব এছিয়া, মধ্য-প্রাচ্য আৰু ইউৰোপৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগৰ ৰূপত ভাৰতৰ ভূমিকাৰ প্রশংসা কৰে। উল্লেখযোগ্য যে বিশ্বৰ আগশাৰীৰ কোপেনহেগেন বিজনেছ স্কুলত নীল অর্থনীতিৰ সুযোগ-সম্ভাৱনা আৰু ভৱিষ্যতৰ সন্দৰ্ভত ভাষণ দিবলৈ আমন্ত্রণ জনোৱা সর্বানন্দ সোণোৱাল হৈছে বিশ্বৰ প্ৰথমগৰাকী ৰাজনৈতিক নেতা।
ভাৰত-ডেনমাৰ্কৰ সামুদ্রিক সহযোগিতাক আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে বিশ্বব্যাপী প্রশংসিত কোপেনহেগেন বিজনেছ স্কুল (চিবিএছ)ত ব্লু এম বি এ কাৰ্যসূচীৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক সম্বোধন কৰি কয়- "ভাৰতৰ সামুদ্রিক খণ্ড অভূতপূর্ব বৃদ্ধিৰ দিশে আগবাঢ়িছে। লগতে উদ্ভাৱন, বহনক্ষম উন্নয়ন, বাণিজ্যৰ সহজতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন অংশীদাৰিত্ব বৃদ্ধি কৰা হৈছে।
ইয়াৰ সৈতে সংগতি ৰাখি ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পর্ক উন্নীত কৰি সামুদ্রিক খণ্ডত বিশ্বব্যাপী এক নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্য লোৱা হৈছে। সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমার্কে ইতিমধ্যে যুটীয়া পদক্ষেপ ল'বলৈ ধাৱমান হৈছে।
ভাৰত-ডেনমার্ক উৎকর্ষতা কেন্দ্ৰই গ্রীণ মেৰিটাইম কৰিড'ৰৰ উন্নয়নৰ দিশত কাম কৰিব। তদুপৰি ভাৰত আৰু ডেনমার্কে সেউজ নৌ পৰিবহণৰ এই সহযোগিতাক 'অমৃত কাল দৃষ্টিভংগী ২০৪৭'ৰ সৈতে সংগতি ৰাখি ত্বৰান্বিত কৰিব।
ভাৰত আৰু ডেনমার্কে সেউজ কৌশলগত অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰিছে, ইয়াৰ ফলত সামুদ্রিক বিষয়ৰ বুজাবুজিৰ চুক্তি হ'ব ত্বৰান্বিত। আনহাতে ডেনমার্কৰ মেৰিটাইম মিউজিয়ামে ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য কমপ্লেক্সৰ সৈতে নৌ ঐতিহ্য সংৰক্ষণৰ বাবেও কাম কৰিব।
ইয়াৰ উপৰিও মার্ক মেক-কিনি ম'লাৰ শূন্য কার্বন জাহাজ পৰিবহণ কেন্দ্রই সেউজ মেৰিটাইম কৰিড'ৰৰ পূৰ্ব সম্ভাব্যতা অধ্যয়ন কৰিব। আমি ডেনমাৰ্কৰ সৈতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গ্ৰীণ শিপিং কৰিড'ৰৰ উন্নয়নৰ ক্ষেত্ৰতো আগ্রহী। ইয়াৰ সৈতে সংগতি ৰাখি উপযুক্ত জলপথ চিনাক্তকৰণ, সহায়ক নীতিৰ বিকাশ আৰু যাৱতীয় পৰিকাঠামো নির্মাণত অগ্রাধিকাৰ দিয়া হ'ব।
সেউজ কৌশলগত অংশীদাৰিত্বৰ যুটীয়া কাৰ্য্য পৰিকল্পনাই সামুদ্রিক খণ্ডক আগুৱাই নিয়াৰ বাবে এক শক্তিশালী পৰিকাঠামো প্ৰদান কৰিছে। আমাৰ সামুদ্রিক সহযোগিতা পাৰস্পৰিক বিশ্বাস, মূল্যবোধ আৰু এটা বহনক্ষম সামুদ্রিক ভৱিষ্যতৰ আধাৰত ত্বৰান্বিত হৈ আছে। তদুপৰি আমি সেউজ জাহাজ পৰিবহণ, ডিকার্বনাইজেচন, সামুদ্রিক প্রশিক্ষণ আৰু শিক্ষা, সেউজ ইন্ধন আৰু প্ৰযুক্তিৰ সহযোগিতা আৰু জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰতো একেলগে কাম কৰাৰ বাবে আগ্রহ প্রকাশ কৰিছোঁ বুলি মন্তব্য কৰে।
লগতে কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতৰ মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃত কাল ভিজন ২০৪৭ক সাৰোগত কৰি আমি বিশ্বৰ সামুদ্রিক খণ্ডৰ অন্যতম অভিকেন্দ্র হিচাপে গঢ় দি আছোঁ। এই দিশত ডেনমাৰ্কৰ পাৰস্পৰিক সহযোগিতা সদায়েই কাম্য।
সামুদ্রিক খণ্ডৰ এই নৱজাগৰণৰ সময়ত কোপেনহেগেন বিজনেছ স্কুলৰ ব্লু এম বি এ-ৰ প্ৰতিভাবান অধ্যয়নকাৰীসকলে অদূৰ ভৱিষ্যতে শক্তিশালী ভূমিকা ল'ব লাগিব আৰু সামুদ্রিক দক্ষতা, উদ্ভাৱনী কৌশল আৰু গৱেষণাৰ জৰিয়তে ভৱিষ্যতৰ বাবে সাজু সামুদ্রিক খণ্ডক মানৱ সমাজৰ হিতৰ বাবে আৰু দ্বিপাক্ষিক সম্পর্ক উন্নীত কৰাৰ বাবে গতিশীল কৰি তুলিব লাগিব।
এই ভ্রমণত সামুদ্রিক উদ্ভাৱন, বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক সহযোগিতাৰ সন্দৰ্ভত ইতিমধ্যে বিভিন্ন কৌশলগত আলোচনা অনুষ্ঠিত হৈছে। মোৰ দৃঢ় বিশ্বাস- ভাৰত আৰু ডেনমাৰ্কৰ বৰ্ধিত মেৰিটাইম সম্পর্কক শক্তিশালী কৰাৰ বাবে কোপেনহেগেন বিজনেছ স্কুলৰ অধ্যাপক, অধ্যয়নকাৰীসকলে নতুন চিন্তা-চৰ্চাৰ উন্মেষ ঘটাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়।