পৰ্বতঝোৰাত বিদ্যালয়ৰ গৃহ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰণোজ পেগুৰ

৭ কোটি ৫০লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা দু-মহলীয়া অট্টালিকাৰ বিদ্যালয় গৃহৰ নিৰ্মাণ কামৰ মাংগলিক নীতি নিয়মেৰে আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৱে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পৰ্বতঝোৰঃ  পৰ্বতঝোৰা টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ হ'বলগীয়া দু-মহলীয়া গৃহ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৰ।

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ কোটি ৫০লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা দু-মহলীয়া অট্টালিকাৰ বিদ্যালয় গৃহৰ নিৰ্মাণ কামৰ মাংগলিক নীতি নিয়মেৰে আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৱে।

মন্ত্ৰী গৰাকীক সংগ দিয়ে প্ৰাক্তন বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ উপাধ‍্যক্ষ শ্ৰী বনেন্দ্ৰ কুমাৰ মুছাহাৰী,প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেছা-কেনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীৰ লগতে বহুত গণ্য মান্য ব্যক্তিয়ে।

উল্লেখযোগ্যযে, ছাত্ৰ অনুপাতে শিক্ষক নথকা বিদ্যালয়কলৈ সাংবাদিকে প্ৰশ্ন সোধাত শিক্ষামন্ত্ৰী জনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

পৰ্বতঝোৰা