/asomiyapratidin/media/media_files/2025/09/02/ramen-modahi-2025-09-02-12-44-56.jpeg)
ডিজিটেল সংবাদ বাক্সাঃ বাক্সা জিলাৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰমেন মদাহিক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে পূৰ্বৰে ৰমেন মদাহি কি অভিযোগত অভিযুক্ত সেয়া মোৰ জ্ঞাত নহয় বুলি উল্লেখ কৰিছে।
উল্লেখ্য যে, ২০২৩ ৰ ২৬ নৱেম্বৰত গুৱাহাটীত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছিল এইগৰাকী ৰমেন মদাহি। ভূ-মাফিয়া হিচাপে পৰিচিত এইগৰাকী নেতাক গুৱাহাটীৰ গড়চুকৰ লালুংগাঁৱত বশিষ্ঠ আৰক্ষী আৰু অপৰাধ শাখাই যুটীয়াভাৱে চলোৱা এক অভিযানত গুলীয়াইছিল।
সেইগৰাকী ৰমেন মদাহিকে বিজেপিয়ে টিকট প্ৰদান কৰাত এতিয়া ভিন্ন প্ৰতিক্ৰিয়া হৈছে। এই প্ৰতিক্ৰিয়াৰ মাজতে ৰঞ্জিত কুমাৰ দাসে কয়, কেনেকৈ, কি কাৰণত তেওঁ এনকাউণ্টাৰ হৈছিল মই নাজানো। অভিযুক্ত আৰু দণ্ডিত হোৱা দুটা বেলেগ বিষয়। তেওঁ অভিযুক্তহে, তেওঁৰ কোনো দণ্ড হোৱা নাই।
ৰমেন মদাহিৰ সন্দৰ্ভত তেওঁ আৰু কয়, সমষ্টিটোত তেওঁৰ সমাদৰ আছে। জনসাধাৰণে তেওঁক আকোঁৱালি লৈছে তাৰ প্ৰমাণ স্বৰূপে আমি কালি প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে ৰাইজে বিপুল আদৰণি জনোৱা দেখিছোঁ।
আনহাতে ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাটে চূড়ান্ত ৰূপ লোৱাৰ বিষয়টো সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন এৰাই চলি সমষ্টিটোত তেওঁৰ দায়িত্ব নাই বুলি বিষয়টো মন্ত্ৰী জয়ন্তমল্ল বৰুৱালৈ ঠেলে। সেই বিষয়টো মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই হে জানিব বুলিও মন্তব্য কৰে।