/asomiyapratidin/media/media_files/2025/12/31/562-2025-12-31-18-41-05.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : শেহতীয়াকৈ কৰ্নাটকৰ উচ্ছেদক লৈ কংগ্ৰেছ হাইকামাণ্ডৰ এটা নিৰ্দেশক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ হাইকামাণ্ডৰ কাণ্ডক তীব্ৰ গৰিহনা দিছে ৷
উল্লেখ্য যে কৰ্ণাটকত কেৰেলাৰ পৰা অহা বুলি দাবী কৰা সংখ্যালঘূ লোকক কগিলা লেআউটৰ পৰ উচ্ছেদ আৰম্ভ কৰিছিল কৰ্ণাটক চৰকাৰে। কিন্তু এই উচ্ছেদক লৈ হঠাৎ কংগ্ৰেছ হাইকামাণ্ড সক্ৰিয় হৈ পৰিল। কে চি ভেনুগোপালে এক্সযোগে ঘোষণা কৰিলে যে উচ্ছেদিতক সংস্থাপন আৰু ক্ষতিপূৰণ দিয়া হ'ব ৷ যি নিৰ্দেশ আহিছে দলটেৰ হাইকামাণ্ডৰ পৰা ৷
লগে লগে পাৰ্টিৰ হাইকামাণ্ডৰ নিৰ্দেশ পাই এতিয়া কৰ্ণাটকৰ চৰকাৰ সাজু হৈছে এই বেদখলকাৰীসকলক সংস্থাপন দিয়াৰ কামত ৷ সমান্তৰালভাৱে বন্ধ কৰি দিয়া হৈছে উচ্চেদ অভিযান। উল্লেখ্য যে এই বেদখলকাৰীসকলৰ সকলো কেৰেলাৰ নাগৰিক হয় নে নহয় তাতো সন্দেহ আছে।
উচ্ছেদিত সন্দেহজনক লোকক ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰিবলৈ উঠি পৰি লাগিছে তেওঁলোক, যিটো কংগ্ৰেছ চৰকাৰৰ দিনত অসমত হৈছিল। ৰাইজৰ দাবীত কৰবাত নামত উচ্ছেদ হৈছিল যদিও, ভোট বেংকৰ স্বাৰ্থত তেওঁলোকক কিন্তু ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰা হৈছিল। তেওঁলোকক অন্য স্থানত সংস্থাপন কৰা হৈছিল, ক্ষতিপূৰণ দিয়া হৈছিল আৰু সন্দেহজনক লোকক অধিকাৰ প্ৰদান কৰা হৈছিল। সামাজিক মাধ্যমযোগে এই গুৰুতৰ অভিযোগ তোলে পীযুষ হাজৰীকাই ৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমতো শেহতীয়াকৈ বিভিন্ন অঞ্চলত উচ্ছেদ অভিযান চলি আছে কিন্তু ইয়াত কংগ্ৰেছ হাইকামাণ্ডৰ এক্তিয়াৰ নাই বাবে এনে পদক্ষেপৰ কথা উল্লেখ নাই কিন্তু অসমৰ এই সন্দেহজনক লোকসকলক কৰা উচ্ছেদক লৈ বিৰোধী দলপতি প্ৰমূখ্যে বিৰোধী নেতাসকলে কংগ্ৰেছ হাইকামাণ্ডৰ নিৰ্দেশত আন এক নেৰেটিভৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে যে উচ্ছেদিত এই সন্দেহজনক নাগৰিকক কংগ্ৰেছ চৰকাৰ আহিলে ভূমি অধিকাৰ প্ৰদান কৰিব। ভোট বেংকৰ স্বাৰ্থত এয়া তেওঁলোকৰ নেৰেটিভ যদিও সঁচকৈ এনে হ'লে ই অসমৰ জনগাঁথনিত ব্যাপক প্ৰভাৱ পেলাব।
যিসময়ৰ অসমৰ বনাঞ্চল, সত্ৰভূমি আৰু চৰভূমিত এই সন্দেহজনক লোকসকলক উচ্ছেদ কৰি চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে চেষ্টা কৰিছে, সেইসময়ত বিৰোধীৰ এনে প্ৰচাৰে এটা বিশেষ চামক আকৰ্ষিত কৰিছে যদিও প্ৰকৃত ভূমিপুত্ৰসকলক চিন্তিত কৰিছে। অসমত এনে উদাহৰণ কংগ্ৰেছৰ শাসনকালতপূৰ্বেও দেখা পোৱা গৈছিল, সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, আমি কাজিৰঙাৰ উচ্ছেদ বন্ধ কৰাৰ কাৰণ আছিল আমাৰ ভোট বেংকক সুৰক্ষিত কৰা।
কেৱল এইয়াই নহয়, এন আৰ চিত এইসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ চিঠি লিখা হৈছিল কংগ্ৰেছ শাসন কালত। ভোট বেংক সুৰক্ষাৰ নামত ম্যানমাৰৰ ৰহঙ্গীয়াক ইয়াত সংস্থাপন কৰাৰ প্ৰস্তাৱ কংগ্ৰেছেই দিছিল বুলি তাৎপৰ্যপূৰ্ণ তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us