জুবিনক লৈ ৰাজনীতি নকৰিবলৈ কোৱাৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাক মাছ বেপাৰী বুলি ইতিকিং এন এছ ইউ আইৰ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোকত ম্ৰিয়মান হৈ থকাৰ থকা সময়তে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আয়ে আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতি। কৈবৰ্ত সম্প্ৰদায়ক তুচ্ছ-তাচ্ছিল্য কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ 

author-image
Asomiya Pratidin
New Update
426

ডিজিটেল সংবাদ, গুৱাহাটী : অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্য শোকত ম্ৰিয়মান হৈ থকাৰ থকা সময়তে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আয়ে আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতি। কৈবৰ্ত সম্প্ৰদায়ক তুচ্ছ-তাচ্ছিল্য কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ 

একমাত্ৰ অনুসূচিত জাতি তথা কৈবৰ্ত সম্প্ৰদায়ৰ লোক হোৱা বাবে মন্ত্ৰী পীযুষ হাজৰীকাক আক্ৰমণ কৰি সামাজিক মাধ্যমত কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৱে লিখিছে- ‘‘এগৰাকী নিৰ্লজ্জ "মাছ বেপাৰী"য়ে জুবিনদাৰ নামত এটা ভুৱা AI ভিডিঅ' প্ৰচাৰ কৰি ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। শান্তিৰে জিৰণি লওক মিষ্টাৰ পীযুষ হাজৰীকা... অহ ক্ষমা কৰিব মাছ বেপাৰী।’’ 

কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনটোৰ এনে কাৰ্যক ধিক্কাৰ জনাইছে বিভিন্নজনে ৷ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীক জাতি আৰু কৰ্মৰ আধাৰত তাচ্ছিল্য কৰি অসমৰ এটা জাতিক চৰম অপমান কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে বিভিন্নজনে। 

এন এছ ইউ আইৰ এই মন্তব্যই কেৱল মন্ত্ৰী পীযুষ হাজৰীকাকেই নহয়, অসমৰ এটা বিশেষ জাতিক অপমান কৰা বুলি বিভিন্নজনে মন্তব্য কৰিছে। বিশেষকৈ, অনুসূচিত জাতিৰ পৰা অহা এগৰাকী মন্ত্ৰীৰ জীৱন-জীৱিকাক লৈ তাচ্ছিল্য কৰা কংগ্ৰেছৰ “প্ৰকৃত চৰিত্ৰ” ওলাই পৰিছে বুলি কেবাজনো নেতা-মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছ দলৰ মুখা খুলি দিছিল। মন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালে জীৱিকা হিচাপে মীন পালন কৰে আৰু ইয়াক লৈ তেওঁলোক গৰ্ব অনুভৱ কৰে। 

মন্ত্ৰীগৰাকীয়ে দুখৰ সময়ত জুবিনদাক লৈ ৰাজনীতি নকৰিবলৈ কংগ্ৰেছক সকীয়াই দিছিল। তাৰ বাবে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আয়ে মন্ত্ৰীগৰাকীৰ জাতি আৰু বংশগত বৃত্তিক অপমান কৰি 'মাছ বেপাৰী' বুলি ইতিকিং কৰে। 

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসম শোকত ডুব গৈ আছে৷ এনে এটা সংবেদনশীল সময়ত এনেদৰে জাত-পাতৰ ৰাজনীতিত নামি পৰিছে কংগ্ৰেছ । অকল সেয়াই নহয়, ছাত্ৰ সংগঠনটোৱে তেওঁৰ মৃত্যু কামনা কৰি Rest In Peace লিখিছে। 

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁ কয় যে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আয়ে মোক জাতি আৰু কৰ্মৰ আধাৰত তাচ্ছিল্য কৰিছে । কাৰণ জুবিনদাক লৈ নিকৃষ্ট ৰাজনীতি কৰা বাবে কংগ্ৰেছ দলৰ মুখা খুলি দিছিলোঁ । 

মই আৰু মোৰ পৰিয়ালে জীৱিকা হিচাপে মীন পালন কৰোঁ আৰু ইয়াক লৈ আমি গৰ্বিত। মই মাথোঁ কৈছিলোঁ এনে দুখৰ সময়ত জুবিনদাক লৈ ৰাজনীতি নকৰিবলৈ। তাৰ বাবে তেওঁলোকে এতিয়া মোৰ জাতি আৰু বংশগত বৃত্তিক অপমান কৰি 'মাছ বেপাৰী' বুলি ইতিকিং কৰিছে। 

এয়াই হৈছে কংগ্ৰেছৰ প্ৰকৃত চৰিত্ৰ। এটা সংবেদনশীল সময়ত জাত-পাতৰ ৰাজনীতিত নামি পৰিছে । অকল সেয়াই নহয়, তেওঁলোকে মোৰ মৃত্যু কামনা কৰি Rest In Peace লিখিছে। মোৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনত ইমান নিম্নস্তৰৰ কথা মই ক'তো দেখা নাই য'ত আনৰ মৃত্যু কামনা কৰা হয়। ব্যক্তিগতভাৱে যথেষ্ট আঘাত পাইছোঁ।

তথাপি মই মীন পালন কৰা কেতিয়াও বন্ধ নকৰোঁ। মই মুখা খোলাৰ পিছতে তেওঁলোকে কালি জুবিনদা সম্পৰ্কীয় ৰাজনৈতিক এ আই ভিডিঅ ডিলিট কৰাই নহয়, পেজটোৱে ডিটিল কৰিলে। কিন্তু আপোনালোকে কংগ্ৰেছৰ যিকোনো পেজত গ'লেই এনে অসংখ্য এ আই ভিডিঅ' পাব। 

কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৰ এনে কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে মন্ত্ৰী প্ৰশান্ত ফুকনে৷ আজিৰ দিনত কংগ্ৰেছৰ দৰে ৰাজনৈতিক দল এটাই এটা বিশেষ জাতিক লৈ তুচ্ছ-তাচ্ছিল্য কৰাটো কিমান গ্ৰহণযোগ্য‌ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে৷ 

ইয়াৰ বাবে ছাত্ৰ সংগঠনটোক মন্ত্ৰী ফুকনে অসমৰ ৰাইজ আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনায়৷ মন্ত্ৰী কৌশিক ৰায়েও একমাত্ৰ অনুসূচিত জাতিৰ হোৱাৰ বাবেই কংগ্ৰেছৰ ছাত্ৰ সংগঠনে এনে কটু মন্তব্য কৰিছে নেকি মাননীয় মন্ত্ৰী পীযুষ হাজৰীকা ডাঙৰীয়াক বুলি প্ৰশ্ন কৰে৷ 

বিধায়ক মানৱ ডেকাই জাতি এটাক লৈ এনেদৰে লজ্জাজনক আৰু কটু মন্তব্য কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে। তেওঁ কয় যে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আয়ে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীপীযুষ হাজৰিকা ডাঙৰীয়াক জাতি আৰু কৰ্মৰ আধাৰত তুচ্ছ-তাচ্ছিল্য কৰিছে।  

কাৰণ কংগ্ৰেছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বাবে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁলোকৰ মুখা খুলি দিছিলে। আৰু কিমান দিনলৈ চলি থাকিব কংগ্ৰেছৰ এই নিকৃষ্ট ৰাজনীতি বুলি তেওঁ প্ৰশ্ন কৰে ৷

জুবিন গাৰ্গ জুবিন