নাজিৰাত জাঁজী মথাউৰি পথ উন্নীতকৰণকে ধৰি একাধিক প্ৰকল্প উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

জলসম্পদ বিভাগৰ অধীনস্থ 'দেঞ্চি, দৈখানা আৰু নামদাং নদী খনন প্ৰকল্প' আৰু মৰিয়নিত 'জাঁজী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাঁজীমুখলৈকে জাঁজী নৈ মথাউৰি (বাঁও অংশ) পথ পকীকৰণ' প্ৰকল্প উদ্বোধনৰ ফলত অসম চৰকাৰৰ আঞ্চলিক উন্নয়নৰ দিশত আন এক উল্লেখযোগ্য দিশৰ সূচনা হয়।

author-image
Asomiya Pratidin
New Update
51

ডিজিটেল সংবাদ নাজিৰা/মৰিয়ণি : দেওবাৰে শিৱসাগৰ আৰু যোৰহাট জিলাৰ দুটা বৃহৎ আন্তঃগাঁথনিমূলক পদক্ষেপ— জলসম্পদ বিভাগৰ অধীনস্থ 'দেঞ্চি, দৈখানা আৰু নামদাং নদী খনন প্ৰকল্প' আৰু মৰিয়নিত 'জাঁজী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাঁজীমুখলৈকে জাঁজী নৈ মথাউৰি (বাঁও অংশ) পথ পকীকৰণ' প্ৰকল্প উদ্বোধনৰ ফলত অসম চৰকাৰৰ আঞ্চলিক উন্নয়নৰ দিশত আন এক উল্লেখযোগ্য দিশৰ সূচনা হয়।

প্ৰথমে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ৰূপায়ণ কৰা নদী খনন প্ৰকল্পৰ লক্ষ্য হৈছে দেঞ্চি, দৈখানা, নামদাং নদীৰ পানী কঢ়িয়াই নিয়া ক্ষমতা বৃদ্ধি কৰাৰ লগতে পুনৰাবৃত্তিমূলক বান আৰু পলসৰ সমস্যা দূৰ কৰা। সময়ৰ লগে লগে ওচৰৰ পাহাৰৰ পৰা অত্যধিক পলস নিক্ষেপ হোৱাৰ ফলত এই নদীসমূহত পানী প্ৰবাহৰ ক্ষমতা হ্ৰাস পাইছিল, যাৰ ফলত কৃষি আৰু স্থানীয় জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল।

এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে নৈত পানীৰ প্ৰবাহ বৃদ্ধি কৰিব, কৃষিভূমি সুৰক্ষিত কৰিব আৰু বানপানীপ্ৰৱণ অঞ্চলৰ দীৰ্ঘম্যাদী সুৰক্ষাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। নাজিৰা নপুখুৰীৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী পীযুষ হাজৰীকাই যৌথভাৱে এই পদক্ষেপৰ শুভাৰম্ভ কৰে।

WhatsApp Image 2025-10-26 at 8.23.45 PM (1)

মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে দেঞ্চি, দৈখানা আৰু নামদাং নদীৰ খনন কাৰ্যই বানৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰিব আৰু কৃষক আৰু স্থানীয় ৰাইজক যথেষ্ট উপকৃত কৰিব। তেওঁ লগতে কয় যে চৰকাৰে নাজিৰাৰ বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধ আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা প্ৰকল্পসমূহ পৰ্যায়ক্ৰমে ৰূপায়ণ কৰি যাব।

আজিৰ অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়াৰ লগতে কেইবাজনো স্থানীয় প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তদুপৰি, আজি মন্ত্ৰী হাজৰীকাই মৰিয়নিৰ জাঁজী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাঁজীমুখ সংযোগী ২নং কাৱৈমাৰী গোহাঁই গাঁৱত জাঁজী মথাউৰি (বাঁও অংশ) পথ উন্নীতকৰণ প্ৰকল্প উদ্বোধন কৰে।

WhatsApp Image 2025-10-26 at 8.23.44 PM

এই প্ৰকল্পৰ লক্ষ্য হৈছে পথৰ আন্তঃগাঁথনি উন্নত কৰা, সুচল পৰিবহণ আৰু স্থানীয় বাসিন্দাসকলৰ বাবে উন্নত সংযোগ ব্যৱস্থা সুনিশ্চিত কৰা। মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অনুমোদন আৰু সহযোগত আৰম্ভ কৰা এ8 প্রকল্পটোৰ কাম সম্পূৰ্ণ হ'লে যাতায়াতৰ সুবিধা বহু পৰিমাণে উন্নত হোৱাৰ লগতে অঞ্চলটোৰ সংযোগ ব্যৱস্থা যথেষ্ট মসৃণ হ'ব।

WhatsApp Image 2025-10-26 at 8.23.45 PM

পথ উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী, ৰাজ্যিক অ’বিচি মৰ্চাৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অজয় ​​কুমাৰ সিঙকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। দুয়োটা অনুষ্ঠানৰ সামৰণী মাৰি মন্ত্ৰী হাজৰীকাই সমগ্ৰ অসমতে সুচল আৰু সৰ্বাংগীন উন্নয়নৰ চৰকাৰৰ দৃষ্টিভংগীক পুনৰ সুদৃঢ় কৰি কয় যে সমগ্ৰ ৰাজ্যতে সমস্যা, প্ৰয়োজনীয়তাসমূহ পূৰণৰ লগতে অত্যাৱশ্যকীয় আন্তঃগাঁথনি উন্নত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰৰ উদ্যোগত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে।

পীযুষ হাজৰীকা