আসাম ট্ৰিবিউনৰ স্বত্বাধিকাৰী পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত মন্ত্ৰী পীযুষ হাজৰীকাৰ গভীৰ শোক

মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্যা আসাম ট্ৰিবিউন কাকতৰ স্বত্বাধিকাৰী, সম্পাদক আৰু পৰিচালন সঞ্চালক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
475

ডিজিটেল সংবাদ, গুৱাহাটী : অসম চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্যা আসাম ট্ৰিবিউন কাকতৰ স্বত্বাধিকাৰী, সম্পাদক আৰু পৰিচালন সঞ্চালক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে। মন্ত্ৰী হাজৰীকাই অসমৰ সংবাদ জগতলৈ বৰুৱাই আগবঢ়োৱা বিশাল অৱদান আৰু তেওঁ স্থাপন কৰি যোৱা আদৰ্শৰ কথা উল্লেখ কৰি কয় যে "প্ৰয়াত বৰুৱা ডাঙৰীয়াৰ সত্যনিষ্ঠ, নিৰপেক্ষ আৰু নৈতিকতাপূৰ্ণ সাংবাদিকতাই ভৱিষ‍্যত প্ৰজন্মৰ বাবে এক উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰি গৈছে। অসমে কেৱল এজন জ্যেষ্ঠ সাংবাদিকেই নহয়, বৰঞ্চ নৈতিক আৰু দায়িত্বশীল সংবাদ সেৱাৰ এজন পথ প্ৰদৰ্শকক হেৰুৱালে।"

WhatsApp Image 2025-12-15 at 9.57.00 PM

আজি মন্ত্ৰী হাজৰীকাই গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত প্ৰয়াত বৰুৱাৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত অংশ গ্ৰহন কৰি নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।

প্ৰফুল্ল গোবিন্দ বৰুৱা