/asomiyapratidin/media/media_files/2025/12/18/490-2025-12-18-16-59-45.jpg)
ডিজিটেল সংবাদ, দিশপুৰ : জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আয়োজিত খিলঞ্জীয়া লোকৰ মাজত ভূমি পট্টা প্ৰদানৰ এক বিশেষ কাৰ্যসূচীত অংশ লয় । অসম চৰকাৰৰ 'বসুন্ধৰা ২.০' আঁচনিৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ৰূপায়ণ কৰা 'পূর্তিমি আকেমাং ২.০' আঁচনিৰ অধীনত আজি পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত ভূমি পট্টা বিতৰণ কাৰ্যসূচীত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ সৈতে অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই সমষ্টিটোৰ প্ৰায় ৩১০০ পৰিয়ালৰ মাজত আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsap-2025-12-18-16-54-55.jpeg)
খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপস্বৰূপে শিকদামাখাৰ আমৰি ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত এই কাৰ্যসূচীত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমিৰ অধিকাৰ আৰু মৰ্যাদা সুনিশ্চিত কৰাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/18/whatsapp-imag-2025-12-18-16-54-41.jpeg)
আনহাতে বিগত সময়চোৱাত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাৰ্গদৰ্শনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙৰ বহুখিনি উন্নয়ন হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুয়োখন জিলাৰে বাট-পথৰ যথেষ্ট উন্নতি হৈছে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us