পীযুষ হাজৰীকাৰ বিৰুদ্ধে কংগ্ৰেছে গোচৰ ৰুজু কৰাৰ পাছতে দলটোক প্ৰত্যাহ্বান মন্ত্ৰীগৰাকীৰ

মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কংগ্ৰেছৰ৷ সামাজিক মাধ্যমত ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা আপত্তিজনক ভিডিঅ' মুকলি কৰাৰ অভিযোগ।

author-image
Tushar Pratim
New Update
পীযুষ হাজৰীকাৰ বিৰুদ্ধে কংগ্ৰেছে গোচৰ ৰুজু কৰাৰ পাছতে দলটোক প্ৰত্যাহ্বান মন্ত্ৰীগৰাকীৰ

ডিজিটেল সংবাদ গুৱাহাটীঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছৰ৷ সামাজিক মাধ্যমত ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা আপত্তিজনক ভিডিঅ' মুকলি কৰা বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছে ৰুজু কৰে গোচৰ৷ 

মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে ৰুজু কৰে গোচৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত, দলটোৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম বিভাগে আজি দিছপুৰ থানাত গোচৰ ৰুজু কৰে। 

এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা কোৱাৰ বাবে কংগ্ৰেছে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ এয়া খুবেই লজ্জাজনক বিষয়৷ আমি ভয় নকৰো৷ 

জনগাঁথনিগত পৰিৱৰ্তনৰ বিৰুদ্ধে কথা কোৱাৰ বাবে কংগ্ৰেছে বিজেপিৰ কৰ্মীসকলক ভয় খুৱাবলৈ চেষ্টা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷ কংগ্ৰেছক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ দৰে এটা মিঞাৰ দল যদি ক্ষমতালৈ আহে, অসমীয়া সংস্কৃতিলৈ ভাবুকি আহি পৰিব৷ কল্পনা কৰকচোন যদি এই মিঞাৰ দল যদি ক্ষমতালৈ আহে আমাৰ সংস্কৃতিৰ কি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে৷

মন্ত্ৰী হাজৰীকাই এই সন্দৰ্ভত তেওঁৰ ফেচবুকত লিখিছে এইদৰে- ''অসমৰ আগ্ৰাসনকাৰী, প্ৰব্ৰজনকাৰী, বেদখলকাৰী শক্তি আৰু তেওঁলোকক কংগ্ৰেছে কৰা তুষ্টিকৰণৰ বিৰুদ্ধে আমি সজোৰে মত প্ৰকাশ কৰি আহিছোঁ। তাৰ বাবে কংগ্ৰেছ দলে মোৰ বিৰুদ্ধে গোচৰ দিয়াৰ খবৰ পাইছোঁ। অসমৰ বিৰোধী প্ৰব্ৰজনকাৰীৰ পৰম মিত্ৰ হিচাপে জনাজাত কংগ্ৰেছৰ এই কাৰ্যত অৱশ্যে আচৰিত হ'বলগীয়া কথা নাই। সত্য কথা কোৱাৰ বাবে তেওঁলোকে মোক যিমানেই বেয়া নাপাওক কিয়, আমি কেতিয়াও অসমক অচিনাকি শক্তিৰ হাতত এৰি নিদিওঁ। অসমৰ ভূমি, সংস্কৃতি আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি এনে শক্তিৰ বিৰুদ্ধে সদায় মাত মাতি যাম। কংগ্ৰেছ দলে নিজৰ স্বাৰ্থৰ বাবে কৰা তুষ্টিকৰণৰ ৰাজনীতিৰ বিৰুদ্ধেও আমি সজোৰে মাত মাতি যাম। অসম আৰু অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে আমি সংকল্প লৈছোঁ। ''

কংগ্ৰেছ পীযুষ হাজৰিকা