/asomiyapratidin/media/media_files/2025/10/01/fsdfdfdf-2025-10-01-22-01-04.jpg)
ডিজিটেল ডেস্কঃ কিছু সময়ৰ পূৰ্বে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাছিয়াৰ ৰাজধানী মস্কোত “বেষ্ট অব ইণ্ডিয়া, ইণ্ডিয়ান এপাৰেল এণ্ড টেক্সটাইল ফেয়াৰ” উদ্বোধন কৰে। ইয়াত দেশৰ আগশাৰীৰ শতাধিক বস্ত্ৰ উদ্যোগীৰ উৎপাদন ৰাছিয়াৰ প্ৰায় দহ সহস্ৰাধিক বস্ত্ৰ ব্যবসায়ীয়ে প্ৰত্যক্ষ কৰাৰ লগতে বিভিন্ন বাণিজ্যিক চুক্তিও স্বাক্ষৰিত হ’ব।
উল্লেখ্য যে, এই বানিজ্য মেলাত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাছিয়া আৰু ভাৰতৰ বানিজ্যিক সংস্থাসমূহৰ সৈতে এক বৈঠকত মিলিত হৈ বস্ত্ৰ উদ্যোগ আৰু পাৰস্পৰিক বাণিজ্য সহযোগিতাৰ বিষয়ে আলোচনা কৰে। ইফালে, বৃহস্পতিবাৰে ৰাছিয়াৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপমন্ত্ৰীৰ সৈতে আন এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।