মদ্যপান কৰি ঘৰলৈ অহা স্বামীক লাঠিৰে শাস্তি দিয়াৰ লগতে ঘৰৰ বাহিৰত শুৱাবলৈ পৰামৰ্শ দিলে এগৰাকী মন্ত্ৰীয়ে...

আমাৰ দেশৰ ৰাজনৈতিক নেতাসকলে বিৰ্তকিত মন্তব্য দিয়াতো কোনো ডাঙৰ কথা নহয়। কিন্তু শেহতীয়াকৈ এগৰাকী ৰাজনৈতিক নেতা তথা মন্ত্ৰীৰ ভাষ্যক অধিকাংশ নাৰীৰে সমৰ্থন কৰিছে। মন্ত্ৰীগৰাকীৰ এই বক্তব্যই

author-image
Asomiya Pratidin
New Update
jjjjd

ডিজিটেল ডেস্কঃ আমাৰ দেশৰ ৰাজনৈতিক নেতাসকলে বিৰ্তকিত মন্তব্য দিয়াতো কোনো ডাঙৰ কথা নহয়। কিন্তু শেহতীয়াকৈ এগৰাকী ৰাজনৈতিক নেতা তথা মন্ত্ৰীৰ ভাষ্যক অধিকাংশ নাৰীৰে সমৰ্থন কৰিছে। মন্ত্ৰীগৰাকীৰ এই বক্তব্যই দখল কৰিছে সংবাদ শিৰোনামো।

উত্তৰ প্ৰদেশৰ শ্ৰম মন্ত্ৰী মনোলাৰ লাল পাৰ্থে দিয়া এক মন্তব্যই বৰ্তমান তীব্ৰ চৰ্চা লাভ কৰিছে। এখন বিশেষ সভাত মহিলাসকলৰ অভাৱ-অভিযোগৰ সম্পৰ্কে বুজ লৈ থকাৰ সময়তে মহিলা সমাজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, আপোনালোকৰ স্বামীয়ে যদিহে যদি মদ্যপান কৰি ঘৰলৈ আহে, তেন্তে লাঠীৰে মৰিয়াই মৰিয়াই তেওঁলোকক শাস্তি দিয়ক।

লগতে মদ্যপান কৰি অহা স্বামীক ঘৰৰ বাহিৰত শুবলৈ দিয়াৰো পৰামৰ্শ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে সভাত কয় যে, ময়ো যেতিয়া মদ খাই ঘৰলৈ গৈছিলো। মোকো পত্নীয়ে এনেদৰেই শাস্তি প্ৰদান কৰিছিল আৰু মই মদ একেবাৰে এৰি দিছিলো।

মন্ত্ৰীগৰাকীৰ এই বক্তব্যই চৰ্চা লাভ কৰিলেও একাংশই সমালোচনাও কৰিছে। বিৰোধীয়ে কৈছে যে, সমাজত মদৰ ব্যৱহাৰ কমাবলৈ চৰকাৰে বৈজ্ঞানিক কোনো ব্যৱস্থা গ্ৰহণ নকৰি এনে তৰল কথাৰে মানুহৰ মন ভুলাবলৈ চেষ্টা কৰিছে। অৱশ্যে এনে বিৰ্তকৰ মাজতো মন্ত্ৰীগৰাকীৰ বক্তব্যকত বহু মহিলাই সমৰ্থন কৰিছে। 

উত্তৰ প্ৰদেশ