তেজপুৰত মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত গুৰুত্বপূৰ্ণ সভা

বৈঠকত আঁচনিসমূহৰ কাৰ্যকৰীকৰণৰ স্থিতিৰ পৰ্যালোচনা কৰা ,আসোঁৱাহসমূহ চিনাক্ত কৰা আৰু হিতাধিকাৰী সকলক সময়মতে সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ ধ্বজাবাহী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ   অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা,মীন আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত শোণিতপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি এখন বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এইক্ষেত্ৰত বৈঠকখনত তেওঁৰ বিভাগৰ অধীনত চলি থকা গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ লগতে চলি থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।

ইয়াৰোপৰি বৈঠকত আঁচনিসমূহৰ কাৰ্যকৰীকৰণৰ স্থিতিৰ পৰ্যালোচনা কৰা ,আসোঁৱাহসমূহ চিনাক্ত কৰা আৰু হিতাধিকাৰী সকলক সময়মতে সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ ধ্বজাবাহী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

লগতে আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰা আৰু সফল ৰূপায়ণৰ বাবে ফলাফলমুখী পদ্ধতি গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হয়। বর্তমান চৰকাৰে কৃষি,পশুপালন, দুগ্ধ উন্নয়ন আদি খণ্ডত স্বাৱলম্বী হোৱাৰ দিশত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে মন্ত্রী গৰাকীয়ে অৱগত কৰে ৷

তেওঁ দুগ্ধ, কণী আৰু অলংকাৰিক মাছ উৎপাদনৰ লগতে অসমৰ পৰা অন্যান্য ৰাজ্যলৈ ৰপ্তানিৰ ক্ষেত্ৰত ৰাজ্যখনৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। সংশ্লিষ্ট খণ্ডসমূহৰ সন্দৰ্ভত জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ আৰু প্ৰচেষ্টাৰ প্ৰতি মন্ত্ৰীগৰাকীয়ে শলাগ লয়।

আজিৰ পৰ্যালোচনা সভাত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা,জিলা আয়ুক্ত আনন্দ কুমাৰ দাস,জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা, সমাজকৰ্মী মধুস্মিতা হাজৰিকা ডেকাৰ লগতে পশুপালন আৰু পশু চিকিৎসা,মীন আৰু লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

আনহাতে, অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি,তেজপুৰৰ ১২০ বছৰীয়া ঐতিহ্যৰে গৰিমামণ্ডিত বাণ থিয়েটাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, শতবৰ্ষ গৰকা সামাজিক অনুষ্ঠান অসমীয়া ক্লাবৰ প্ৰতিষ্ঠাপক,তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি,ৰায়বাহাদুৰ, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫৪ সংখ্যক ওপজা দিনটোত পুৱাই তেজপুৰচহৰৰ পাৰ্কিং প্লেচত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু স্মৃতিচাৰণ অনুষ্ঠানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

তেজপুৰৰ ছয়টাকৈ জাতীয় অনুষ্ঠানৰ দ্বাৰা গঠিত হোৱা সাহিত্য কাণ্ডাৰীগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে তেজপুৰ পৌৰসভাৰ সহযোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত আৱক্ষ মূৰ্তিৰ সন্মুখত পুৱাৰ ভাগত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মন্ত্ৰী কৃষ্ণেন্দু পাল,  শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস,  বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাসৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে।

তেজপুৰ