জখলাবন্ধাত ফ'ৰলেন দাবী সমিতিৰে বৈঠকত মিলিত মন্ত্ৰী কেশৱ মহন্ত

author-image
Asomiya Pratidin
New Update
3

ডিজিটিল সংবাদ,কলিয়াবৰঃ ব্যক্তিস্বাৰ্থ পূৰণৰ লক্ষ্যৰে ৰাজনৈতিক ক্ষমতাৰে এটা বিশেষ চক্ৰই বক্ৰপথেৰে কলিয়াবৰ তিনিআলিৰ পৰা নুমলিগড়লৈ ফ’ৰলেন জখলাবন্ধা নগৰীক এলাগি কৰি নিয়াৰ কুচ-কাৱাজ চলোৱাৰ ষড়যন্ত্ৰক মষিমূৰ কৰাৰ পৰিকল্পনাৰে পুনৰ কলিয়াবৰৰ জখলাবন্ধা একত্ৰিত হ’ল প্ৰতিবাদী ৰাইজ ৷ 

WhatsApp Image 2025-11-21 at 11.24.19 PM

উল্লেখ্য যে, যোৱা ২৮ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত হোৱাৰ সময়ত স্থানীয় সংবাদিকে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ ফ'ৰলেন নিৰ্মাণ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই বিষয়টো স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তলৈ এৰি দিয়াত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল কলিয়াবৰত। সেয়েহে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ফ'ৰলেন দাবী সমিতিৰ সৈতে এখন বৈঠকত মিলিত হয়। 

তাৰোপৰি ফ'ৰলেন দাবী সমিতিৰ  সভাপতি মিনু শইকীয়া, সম্পাদক প্ৰদীপ লস্কৰ,আইনী উপদেষ্টা প্ৰশান্ত কুমাৰ শইকীয়া, সাংবাদিক গোলাপ চন্দ্ৰ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক মৃগাংক শেখৰ ভৰালী হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মৃগাংক বৰা, কলিয়াবৰৰ বিভিন্ন স্থানক প্ৰতিনিধিত্ব কৰা লেখনাথ শৰ্মা, দীপক বৰা, বিপুল হাজৰিকা, ৰিতুল খাউণ্ড, সুৰজিৎ খাউণ্ড,চাৰু গোস্বামী, বাবুল শৰ্মা, পৱিত্ৰ হাজৰিকাকে ধৰি বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয় বিধায়ক গৰাকী।  কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'ব লগা ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি নিয়াৰ বিৰুদ্ধে ফ'ৰলেন দাবী সমিতিয়ে বিগত তিনি বছৰে ৰাজপথত আন্দোলন কৰাৰ লগতে আইনী যুঁজ চলাই আহিছিল। শেহতীয়াকৈ পুনৰ কেন্দ্ৰীয় চৰকাৰে কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি ফ'ৰলেন নিৰ্মাণৰ কাম হাতত লোৱাত পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছিল ফ'ৰলেন দাবী সমিতি। 

WhatsApp Image 2025-11-21 at 11.24.18 PM

প্ৰাণিধানযোগ্য যে  স্থানীয় বিধায়ক গৰাকীয়ে ৰাইজৰ লগত থাকি ফ'ৰলেন বিষয়টো আগবঢ়াই নিয়াৰ আশ্বাস আৰু প্ৰতিশ্ৰুতি দিয়াত ফ'ৰলেন দাবী সমিতিৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু উপস্থিত ৰাইজে বিধায়ক গৰাকীৰ শলাগ লয়। ইফালে আঞ্চলিক দল এটিৰ কাৰ্যকৰী  সভাপতিৰ দায়িত্বত থকা বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আঞ্চলিক সমস্যাৰাজিৰ ওপৰত গুৰুত্ব দিয়াতো প্ৰধান কৰ্তব্য বুলি বৈঠকত বিপুল হাজৰিকাই মতামত আগবঢ়োৱাত বিধায়ক গৰাকীয়ে ৰাইজৰ লগত থাকি কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে।

জখলাবন্ধা কেশৱ মহন্ত