মন্ত্ৰী কেশৱ মহন্তক হাতযোৰ কৰি কি আহ্বান জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে…

মন্ত্ৰী কেশৱ মহন্তক হাতযোৰ কৰি কি আহ্বান জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে…

ডিজিটেল সংবাদ মৰিয়নিঃ শনিবাৰে বিয়লী মৰিয়নিৰ ভোগদৈ নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী কেশব মহন্তই।মৰিয়নিৰ ভোগদৈ নৈৰ গদাধৰ দলঙৰ কাষত সম্প্ৰতি নদীখনৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰাত ঐতিহাসিক ধোদৰ আলিলৈ ভাবুকি কঢ়িয়াই আনিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী কেশব মহন্তই গৰাখহনীয়া পৰিদৰ্শনৰ অন্তত খহনীয়া প্ৰতিৰোধৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহনৰ আশ্বাস প্ৰদান কৰে। ইফালে যোৰহাটত আজি গৰাখহনীয়াপ্ৰৱণ ১৮খন জিলাৰ মথাউৰি নিৰ্মানৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

এই ভ্ৰমণৰ সময়চোৱাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মন্ত্ৰীগৰাকীক সাক্ষাত কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰিবলে হাতযোৰ কৰি আহ্বান জনায়। মৰিয়নিৰ খহনীয়া পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ যোৰহাটস্থ কাৰ্যবাহী অভিযন্ত্ৰাকে ধৰি কেইবাজনো উচ্চপদস্থ বিষয়াবৰ্গও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in