মিচিং সমাজৰ অনন্য কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য দেশৰ ভিতৰতে বিৰল : গৃহমন্ত্ৰী অমিত শ্বাহ

মিচিং জনগোষ্ঠীয়ে নিজৰ পৰম্পৰা আৰু ঐতিহ্যৰে যুগ যুগ ধৰি নিজৰ পৰম্পৰাসমূহ সংৰক্ষণ কৰি অহাৰ লগতে শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু সমাজ গঠনৰ বিভিন্ন ক্ষেত্ৰত অসমৰ উন্নয়নৰ পথত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
29

ডিজিটেল সংবাদ, ধেমাজি : মিচিং জনগোষ্ঠীয়ে নিজৰ পৰম্পৰা আৰু ঐতিহ্যৰে যুগ যুগ ধৰি নিজৰ পৰম্পৰাসমূহ সংৰক্ষণ কৰি অহাৰ লগতে শিক্ষা, সংস্কৃতি, ক্ৰীড়া আৰু সমাজ গঠনৰ বিভিন্ন ক্ষেত্ৰত অসমৰ উন্নয়নৰ পথত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মিচিং সমাজৰ অনন্য কৃষ্টি-সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্য দেশৰ ভিতৰতে বিৰল - এই মন্তব্য ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷

শুক্ৰবাৰে ধেমাজি জিলাৰ কাৰেং চাপৰিত অনুষ্ঠিত হৈ থকা দশম সংখ্যক মিচিং যুৱ মহোৎসৱৰ অন্তিম দিনাৰ মুকলি সভাত লক্ষাধিক জনসাধাৰণৰ উপস্থিতিত মুখ্য অতিথি হিাপে অংশগ্ৰহণ কৰে। শ্বাহে। তেওঁ কয় যে, অসমৰ অন্যতম প্ৰাচীন আৰু চহকী জনগোষ্ঠী মিচিং সমাজৰ অনন্য কৃষ্টি-সংস্কৃতি, জনগোষ্ঠীটোৰ এই চহকী ঐতিহ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠা কৰাৰ দিশত যি অবিৰত প্ৰয়াস চলাই আছে, সেয়া নিশ্চয় প্রশংসনীয় ৷

WhatsApp Image 2026-01-30 at 7.18.28 PM

মিচিং জনগোষ্ঠীৰ বিভিন্ন কাপোৰক তেওঁ উচ্চ প্ৰসংশা কৰে ৷ ভাষণত অমিত শ্বাহে কয় যে, জনগোষ্ঠীৰ ভাষা, কলা, সংস্কৃতি, নৃত্য সংৰক্ষণ আৰু সংবৰ্ধনৰ ৰক্ষা কৰিবৰ বাবে দশম মিছিং যুৱ মহোৎসৱে কাম কৰিছে ৷ মিছিংৰ দৰে সৰু সৰু সংস্কৃতি লগ লাগিহে ভাৰতৰ বিশাল সংস্কৃতি গঢ়লৈ উঠিছে ৷

দশম মিছিং যুৱ মহোৎসৱ উদযাপনৰ বাবে এঘাৰ কোটি টকা অনুদান দিয়া অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় ৷ ধেমাজিৰ সংস্কৃতি আৰু মিছিংৰ সংস্কৃতি দেশৰ গৌৰৱ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে ৷ প্ৰফেচাৰ টাবুৰাম টাইড, শ্বহীদ কমলা মিৰিকো শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ মিছিং জনগোষ্ঠীৰ দুৰদৰ্শী নেতাসকলক শুভেচ্ছা জনোৱাৰ লগতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনাসমালো কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

মিছিং জনগোষ্ঠী  সমাজৰ আভ্যন্তৰীণ সমস্যা সামাধানৰ বাবে ভাৰত চৰকাৰে চিন্তা কৰিব বুলি অমিত শ্বাহে প্ৰধানমন্ত্ৰীৰহৈ আশ্বাস প্ৰদান কৰে ৷  মহোৎসৱত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ধেমাজিৰ কাৰেং চাপৰিৰ মিচিং যুৱ মহোৎসৱ উদযাপন স্থলীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে অসম চৰকাৰে ১০০ কোটি আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

WhatsApp Image 2026-01-30 at 7.18.44 PM

মিছিং সম্প্ৰদায়ৰ অসমৰ প্ৰতি বহু অৱদান আছে । মিছিং জনগোষ্ঠী নেতাৰ পৰাক্ৰম অসমৰ ৰাইজে পাহৰিলে নহব ৷ ভাষনত তেওঁ কয় যে, অবৈধ বাংলাদেশী মুছলমান ‘মিঞা’ক লৈ মই কৰা মন্তব্যৰ বাবে যিসকলে তেওঁক অহৰহ আক্ৰমণ কৰাৰ প্রয়াস কৰিছে, তেওঁলোকে অলপ ক্ষান্ত হৈ দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়ি চোৱা উচিত। এয়া মোৰ ভাষা নহয়, মোৰ কল্পনাও নহয় আৰু কোনো ৰাজনৈতিক অভিসন্ধিও নহয়।

ন্যায়ালয়ে নিজেই কৈছে ‘অসমত হোৱা নীৰৱ আৰু ভয়াৱহ জনগাঁথনিগত আগ্ৰাসনে নামনি অসমৰ ভূ-ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ জিলাসমূহ হেৰুওৱাৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে, অবৈধ প্ৰব্ৰজনৰ ফলত এই জিলাসমূহ লাহে লাহে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত পৰিণত হৈছে,  মাত্র সময়ৰ ওপৰত নির্ভৰ কৰিব—বাংলাদেশৰ সৈতে সেইসমূহৰ একত্ৰীকৰণৰ দাবী উত্থাপনৰ বিষয়টো ।

নামনি অসম হেৰুৱালে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিব আৰু সেই অঞ্চলৰ চহকী প্ৰাকৃতিক সম্পদ দেশে হেৰুৱাব লাগিব বুলি উল্লেখ কৰে ৷ ড° শৰ্মাই কয় আমি কেতিয়াবা ভাবিছোনে— আমি এতিয়া সেইখন অসমত বাস কৰি আছোঁ, য’ত আমাৰ সত্ৰসমূহ অবৈধ বাংলাদেশীৰ বিচৰণস্থলী হৈ পৰিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানৰ চৌদিশ ‘অচিনাকি’ লোকেৰে ভৰিছে। অসমৰ বিভিন্ন ঠাইত হাজাৰ হাজাৰ বিঘা বনাঞ্চলৰ ভূমিত অবৈধ লোকে দখল কৰি থাকে ।

অসমৰ অস্তিত্বৰ কথা ভাবি আমি সাহস কৰিছোঁ সত্ৰৰ ভূমি ‘মিঞা’ৰ পৰা উদ্ধাৰ কৰিছোঁ, আমাৰ বনাঞ্চলৰ ভূমি অধিকাৰ আমাৰ হাতলৈ ওভতাই অনাৰ আপ্রাণ প্রয়াস কৰি আছোঁ। আৰু সেইবাবেই ‘মিঞাপ্ৰীতিত গদগদ হৈ থকাসকলে মোক অহৰহ আক্ৰমণ কৰে। অসমৰ জনগাঁথনিগত পৰিৱৰ্তনৰ বাবে তেওঁলোকে ভ্ৰূক্ষেপ নকৰে । তেওঁলোকে বিচাৰে অসমত ‘মিঞা’সকল সংখ্যাগুৰু হওক।

পুনৰবাৰ কৈছোঁ অসমৰ পৰিচয়, নিৰাপত্তা আৰু ভৱিষ্যতক সুৰক্ষিত কৰাৰ বাবে আমি আমাৰ দৃঢ় স্থিতিৰ পৰা কেতিয়াও আঁতৰি নাহোঁ বুলি ড° শৰ্মাই উল্লেখ কৰে ৷ মিছিং জনগোষ্ঠীৰ সংগীত, জীৱনশৈলী আৰু খাদ্য-সংস্কৃতি উপভোগ কৰাৰ সুযোগ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্য আয়োজন কৰা দশম সংখ্যক মিচিং যুৱ মহোৎসৱৰ অন্তিম দিনাৰ মুকলি সভাত শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগু, জোনাইৰ বিধায়ক ভূৱন পেগু, ঢকুৱাখনাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নৱ কুমাৰ দলে, মাজুলীৰ বিধায়ক ভৱন গাম আৰু  মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অৰুনাচল প্ৰদেশ বিজেপিৰ সভাপতি, কলিং বৰাং, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা বিজেপিৰ সভাপতি ৰূপা কামান, লখিমপুৰৰ বিধায়ক মানৱ ডেকাই অংশগ্ৰহণ কৰে ৷ মিছিং যুৱ মহোৎসৱ উপলক্ষে লখিমপুৰ, ধেমাজি, জোনাই, মাজুলী আদি বিভিন্ন ঠাইৰ পৰা লক্ষ্যাধিক লোক উপস্থিত থাকি এক উখলমাখল পৰিৱেশৰ সৃষ্টি কৰে কাৰেং চাপৰিত  ৷

আনহাতে মিছিং যুৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰেপৰা সন্ধিয়ালৈক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভীষণ যানযঁটৰ সৃষ্টি কৰে ৷

ড০ হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহ