প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মীনামাই শইকীয়াৰ মৃত্যুত শোক...

মৰিকলং নিবাসী আৰু নগাঁৱৰ আৰবান বেচিক স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়ত্ৰী মীনামাই শইকীয়াই ৭২ বছৰ বয়সত নগাৱঁৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

author-image
Tushar Pratim
New Update
প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী মীনামাই শইকীয়াৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ নগাওঁ: মৰিকলং নিবাসী আৰু নগাঁৱৰ আৰবান বেচিক স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষয়ত্ৰী মীনামাই শইকীয়াই ৭২ বছৰ বয়সত নগাৱঁৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ যোৱা ২২ আগষ্টৰ পৰা শ্বাসতন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ ৩১ আগষ্টৰ বিয়লি মৃত্যুক আকোৱালি লয়। 

মীনামাই শইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ অঞ্চলবাসী ৰাইজে তেওঁৰ বাসগৃহত ভিৰ কৰে। তাৰ পিছত নিশা তেওঁৰ শেষকৃত্য আমোলাপট্টিৰ ৰাজহুৱা শ্মশানত সম্পন্ন হয়। 

উল্লেখ্য যে, কাতনিগাওঁ অৰ্জুনতলৰ প্ৰয়াত ভোগেশ্বৰ শইকীয়া আৰু চম্পা শইকীয়াৰ দুই সন্তুানৰ প্ৰথম শইকীয়ানীয়ে ১৯৭২ ত মৰিকলংৰ সুৰেন্দ্ৰ নাথ শইকীয়াৰে সংসাৰ বান্ধোনত বান্ধ খাইছিল। তেওঁ বৰ্তমান নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মূৰব্বী ড০ দিব্যজ্যোতি শইকীয়া আৰু চিকিৎসক ৰণজিৎ শইকীয়াৰ মাতৃ। 

ভ্ৰমণবিলাসী শইকীয়াই মৃত্যুৰ সময়ত দুই পুত্ৰ, বোৱাৰী, জীয়ৰী, জোঁৱাই, নাতিৰ লগতে বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়। 

নগাওঁ